29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ’ণাৰ ত্ৰাস! শিৱসাগৰত পুনৰ ৮২ জনৰ দেহত কৰ’ণা

    কৰ’ণাৰ ত্ৰাস! শিৱসাগৰত পুনৰ ৮২ জনৰ দেহত কৰ’ণা

    ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌ।শিৱসাগৰ জিলাত ক্ৰমাৎ উদ্বেগজনক ভাবে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।

    আজি নতুনকৈ ৮২ জনৰ লোকক ক’ভিড পজিটিভ ৰূপে চিনাক্ত কৰাৰ লগতে দুজন ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আজি সৰ্বমুঠ ১,৩০০ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয়।

    ইয়াৰে মুঠ ৮২ জনৰ লোকৰ দেহত ক’ভিড পজিটিভ পোৱা যায় বুলি স্বাস্থ্য বিভাগে জানিব দিছে।ইয়াকে লৈ জিলাখনত আজি একটিভ ক’ভিড ৰোগীৰ সংখ্যা ৪৮৫ জনলৈ বৃদ্ধি পালে।

    জিলাখনত আজি মৃত্যু হোৱা দুজন ক’ভিড আক্রান্ত লোক হৈছে মবিদুল বৰবৰা আৰু সাফিয়া ৰহমান। স্বাস্থ্য বিভাগে আৰু প্ৰকাশ কৰা মতে আজি জিলাখনত মুঠ ৩৮ গৰাকী ক’ভিড ৰোগী সুস্থ্য হৈ উঠিছে আৰু তেঁওলোকক ক’ভিড প্ৰটকল অনুসৰি থাকিব দিয়া হৈছে।

    ইফালে জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে জিলাখনত আজি লৈকে সৰ্বমুঠ ৭৫,৯৭৮ জন লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে.

    Input: Sanjay pareek

    আৰু পঢ়ক : ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী বাছে খুন্দিয়ালে বাইক আৰোহীক…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।