
অৱশেষত মুকলি আকাশৰ তললৈ আহিল পি চিদাম্বৰম। ২ লাখ টকাত জামিন মঞ্জুৰ কৰে চিদাম্বৰমৰ। আইএনএক্স মিডিয়া কেলেংকাৰীত বিগত ১০৭ দিন ধৰি তিহাৰ জেলত কাৰাবন্দী হৈ আছিল পি চিদাম্বৰম।
পূৰ্বে তেওঁৰ জামিন না-মঞ্জুৰ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে, পিছে আজি সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা শুনানিত জামিন লাভ প্ৰাক্তন বিত্ত মন্ত্ৰী গৰাকীৰ।
প্ৰথমে চি বি আই হাতৰ পৰা মুকলি হৈছিল যদিও ১৭ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল ই ডিয়ে। জামিন আবেদন মঞ্জুৰ কৰি উচ্চতম ন্যায়ালয়ে চিদাম্বৰমক নিৰ্দেশ প্ৰদান কৰিছে যে, এই সময়চোৱাত যাতে ৰাজহুৱা মন্তব্য তথা সাক্ষাৎকাৰ আদিৰ পৰা বিৰত থাকে তেওঁ।