চন্দ্ৰপৃষ্ঠত সন্ধান ওলাল বিক্ৰম লেণ্ডাৰৰ, অৰবিটাৰে প্ৰেৰণ কৰিলে প্ৰথমখন ছবি

চন্দ্ৰযান-২ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিলে ISROৰ মুৰব্বী কে সিবানে

0
18478

ISROৰ মুৰব্বী কে সিবানে চন্দ্ৰযান-২ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিলে। চন্দ্ৰপৃষ্ঠত দেখা গৈছে বিক্ৰম লেণ্ডাৰ আৰু অৰবিটাৰে লেণ্ডাৰৰ এখন আলোকচিত্ৰ প্ৰেৰণ কৰিছে, এই কথা জনালে কে সিবানে।

উল্লেখ্য যে, চন্দ্ৰপৃষ্ঠৰ পৰা ২.১ কিলোমিটাৰ আগত বিক্ৰম লেণ্ডাৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছিল।

ISROৰ মুৰব্বী কে সিবানে এই কথাটো স্পষ্ট কৰিলে যে লেণ্ডাৰ বিক্ৰমৰ সৈতে বৰ্তমানলৈ কোনোধৰণৰ যোগাযোগ হোৱা নাই। ইয়াৰ চেষ্টা চলাই থকা হৈছে।

Photo Credit: ndtv.com