নতুন ভাৰতত মাদ্ৰাছাৰ প্ৰয়োজন নাই… শীঘ্ৰে বন্ধ হ’ব সকলো : হিমন্ত বিশ্ব শৰ্মা

0
1

অসমৰ সকলো মাদ্ৰাছা বন্ধ কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। বৃহস্পতিবাৰে কৰ্ণাটকৰ বেলগাৱীত এখন ৰাজহুৱা সভাত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ চৰকাৰে ইতিমধ্যে ৬০০খন মাদ্ৰাছা বন্ধ কৰি দিছে আৰু বাকী সকলো শীঘ্ৰে বন্ধ হৈ যাব।

হিমন্ত বিশ্ব শৰ্মাই কয়, “আমাক মাদ্ৰাছা নালাগে…আমাক অভিযন্তা আৰু ডাক্তৰ লাগে…”।

এই পদক্ষেপৰ আঁৰৰ উদ্দেশ্য সন্দৰ্ভত এজন সাংবাদিকে সোধাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নতুন ভাৰতত মাদ্ৰাছা নহয়, বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰয়োজন।

তেওঁ কয়, ‘নতুন ভাৰতত মাদ্ৰাছাৰ প্ৰয়োজন নাই… বিশ্ববিদ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয়ৰহে প্ৰয়োজন…”।

উল্লেখ্য যে, বিগত সময়তো হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে মাদ্ৰাছাৰ সংখ্যা হ্ৰাস কৰাত গুৰুত্ব প্ৰদান কৰি আহিছিল। বৰ্তমান অসমত ৩ হাজাৰ পঞ্জীয়নভুক্ত আৰু পঞ্জীয়নবিহীন মাদ্ৰাছা আছে।

২০২০ চনত হিমন্ত বিশ্ব শৰ্মাই এখন আইন আনিছিল, যাৰ জৰিয়তে চৰকাৰী সকলো মাদ্ৰাছাক ‘নিয়মীয়া বিদ্যালয়’লৈ ৰূপান্তৰিত কৰা হ’ব।

অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই মাদ্ৰাছাসমূহত ‘ভাল পৰিবেশ’ গঢ়ি তোলাৰ লক্ষ্যৰে শিক্ষাৰ প্ৰতি ইতিবাচক মনোভাৱ থকা বঙালী মুছলমানসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে বুলিও উল্লেখ কৰিছিল।