
মহানগৰীত ব্যৱসায়িক প্ৰতিষ্ঠান খোলাক লৈ নতুন নিৰ্দেশনা প্ৰদান। মহানগৰীৰ ব্যবসায়িক সংগঠনৰ প্ৰতিনিধিৰ লগত জিলা উপায়ুক্তৰ বৈঠকত কামৰুপ জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কেৱল অকলশৰীয়াকৈ থকা দোকানহে খোলাৰ অনুমতি প্ৰশাসনৰ। প্ৰতিখন দোকান সপ্তাহত দুদিনহে মাত্ৰ খুলিব পাৰিব। মাৰ্কেট কম্প্লেক্সত কাৰ্যালয় থাকিলে বন্ধ থাকিব দোকান।

ব্যবসায়িক প্ৰতিষ্ঠানৰ মাটিৰ মালিকৰ ওপৰত নিৰ্ভৰ কৰিহে কোনকেইখন দোকান খোলা থাকিব নিৰ্দেশনা দিয়া হ’ব। পাইকাৰী বজাৰতো একেই নিয়ম প্ৰযোজ্য হ’ব। লকডাউনৰ সময়ছোৱত দোকানৰ মালিকসকলক ভাড়া কমাই ল’বলৈ বা ভাড়া নল’বলৈ আহ্বান জিলা উপায়ুক্তৰ। হাট বজাৰ বা সাপ্তাহিক বজাৰ বন্ধ হৈ থাকিব। যিবোৰ দোকান খুলিব তেওঁলোকে সামাজিক দূৰত্ব আৰু হেণ্ড ছেনিটাইজেচনৰ ব্যবস্থা কৰিব লাগিব।
Photo: Time8