নিৰ্ভয়া কাণ্ডৰ ৪ পাষণ্ডৰ ফাঁচীৰ নতুন তাৰিখ, ওলমোৱা হ’ব ২০ মাৰ্চত

নৰ পাটিয়ালা হাউছ ক’ৰ্টৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ বিৰুদ্ধে জাৰি কৰিলে ডেথ ৱাৰেণ্ট

0
53

নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচীৰ নতুন তাৰিখ। নতুন তাৰিখ অনুসৰি অহা ২০ মাৰ্চৰ পুৱা ৫.৩০ বজাত ওলমোৱা হ’ব ফাঁচি কাঠত। নৰ পাটিয়ালা হাউছ ক’ৰ্টৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ বিৰুদ্ধে জাৰি কৰিলে ডেথ ৱাৰেণ্ট। নতুন ডেথ ৱাৰেণ্ট জাৰি কৰাক লৈ আজি পাটিয়ালা হাউছ ক’ৰ্টত হৈছিল শুনানি।

নতুন ডেথ ৱাৰেণ্ট জাৰি কৰাৰ পিছতে আনন্দিত নিৰ্ভয়াৰ পিতৃ–মাতৃ। নিৰ্ভয়াৰ মাতৃয়ে কয় – ‘আজি পুনৰ এবাৰ ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছে। আটাইকেইটা দোষীৰে সকলো বিকল্প শেষ হৈছে। আজি চতুৰ্থবাৰৰ বাবে ডেথ ৱাৰেণ্ট জাৰি হৈছে। আমি আশা কৰিছো যে এয়া চূড়ান্ত তাৰিখ হওক। সেই তাৰিখতে তেওঁলোকৰ ফাঁচি হওক আৰু নিৰ্ভয়াই ন্যায় পাওক।’

উল্লেখ্য যে, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে চাৰি দোষীৰ অন্যতম পৱন গুপ্তাৰ ক্ষমাৰ আৱেদন খাৰিজ কৰাৰ এদিন পিছতে পুনৰ এই ফাঁচীৰ নতুন তাৰিখ নিৰ্ধাৰণ কৰে।

Photo Credit: time8