বিজ্ঞানীয়ে প্ৰস্তুত কৰিলে মাৰাত্মক ক’ভিড-১৯ ভেৰিয়েন্ট; পৰীক্ষাৰ সময়ত নিহত ৮০ শতাংশ এন্দুৰ

0
144

বিজ্ঞানীয়ে প্ৰস্তুত কৰিলে মাৰাত্মক ক’ভিড-১৯ ভেৰিয়েন্ট; পৰীক্ষাৰ সময়ত নিহত ৮০ শতাংশ এন্দুৰ

ক্ৰমান্বয়ে ক’ভিডৰ পৰা সকলোৰে জীৱন স্বাভাৱিক হোৱাৰ সময়তে আমেৰিকাত ধৰা পৰিছে ইয়াৰ এক ভয়াৱহ নতুন ষ্ট্ৰেইন। বষ্টন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে দাবী কৰিছে যে তেওঁলোকে এক নতুন ক’ভিড ষ্ট্ৰেইনৰ সৃষ্টি কৰিছে যাৰ মৃত্যুৰ হাৰ ৮০%।
উল্লেখ্য যে, এই নতুন ষ্ট্ৰেইন ইমানেই বিপদজনক যে আক্ৰান্ত এন্দুৰৰ মৃত্যুৰ হাৰ ৮০ শতাংশ বুলি দাবী কৰা হৈছে।
ইফালে বহুতে আশংকা কৰিছে যে এনেধৰণৰ পৰীক্ষাৰ ফলত বিশ্বত পুনৰ এবাৰ মহামাৰীয়ে আগ্ৰাসী ৰূপ ধাৰণ কৰিব পাৰে।
এই মিউটেণ্ট ভেৰিয়েন্টটো অমিক্ৰণ আৰু চীনৰ য়ুহানৰ পৰা সৃষ্টি হোৱা মূল ভাইৰাছৰ সংমিশ্ৰণ।
বিজ্ঞানীসকলে মানৱ কোষক এই হাইব্ৰিড ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত কৰি জানিব পাৰিছিল যে ই অমিক্ৰণতকৈ পাঁচগুণ বেছি সংক্ৰামক।
ইফালে কিছু বিশেষজ্ঞই ক’ভিড গৱেষণা কৰা বিজ্ঞানীসকলক কয় যে জুইৰ সৈতে খেলা কৰা বুলি আখ্যা দিযে।
ইজৰাইল চৰকাৰৰ এজন আগশাৰীৰ বিজ্ঞানী অধ্যাপক শ্বমুৱেল শ্বপিৰাই কয় যে, ‘এই গৱেষণাৰ কাম সম্পূৰ্ণ ভাবে নিষিদ্ধ কৰা উচিত, কিয়নো ই জুইৰ সৈতে খেলা কৰাৰ দৰে একেই হয়’।