
আপুনিও সঘনে হোৱাটছ এপ ব্যৱহাৰ কৰে নেকি? তেন্তে আপোনালৈ আছে এক গুৰুত্বপূৰ্ণ খবৰ।শীঘ্ৰে হোৱাটছ আপ ব্যৱহাৰকাৰীয়ে এপ ব্যৱবহাৰ কৰাৰ ক্ষেত্ৰত ভৰিব লাগিব মূল্য।
পৃথিৱীত সকলোতকৈ ব্যৱহাৰ কৰা ছেটিংগ এপ হোৱাটছ এপ বৃহস্পতিবাৰে এক ব্লগ পোষ্টত এই কথা প্ৰকাশ কৰিছে।তেওঁলোকে প্ৰকাশ কৰা অনুসৰি অতি সোনকালে তেওঁলোকে বিজনেছ চাৰ্ভিছ চেট চাৰ্ভিছৰ বাবে কোম্পানীসমূহৰ ওপৰত কৰ লগাবলৈ আৰম্ভ কৰিব।
তেওঁলোকৰ ৫ কোটি বিজনেছ গ্ৰাহকৰ বাবে পে-টু-মেছেজ অপছনৰ ঘোষণা কৰিব।উল্লেখ্য যে, হোৱাটছ এপ বিজনেছ নামৰ এক এপ আছে যাৰ জৰিয়তে মানুহে ব্যৱসায় কৰিব পাৰে।এতিয়া অতি শীঘ্ৰ এই প্লেটফৰ্মত গ্ৰাহকে পোন পটীয়াকৈ বজাৰ কৰিব পৰাকৈ নতুন ফিচাৰ আহিব।
Photo Credit: Arab News