
চাঞ্চল্যকৰ ঘটনা, নলাত উদ্ধাৰ সদ্যোজাতৰ মৃতদেহ, প্ৰসৱৰ পিছতে পেলাই থৈ যোৱাৰ সন্দেহ। গুৱাহাটী মহানগৰীৰ নুনমাটিত এই চাঞ্চল্যকৰ ঘটনা।
নুনমাটিৰ চেক্টৰ ৩ ৰ ৰেল লাইনৰ সমীপৰ এটা নলাত উদ্ধাৰ এটি নবজাতক শিশুৰ মৃতদেহ। স্থানীয় এগৰাকী মহিলাই নৱজাতক শিশুটোৰ মৃতদেহ নলাত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি ৰাইজক খবৰ দিয়ে।
লগে লগে ঘটনাস্থলীত এই দৃশ্য প্রত্যক্ষ কৰিবলৈ অগণন লোকৰ সমাগম হয়। স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলিত নুনমাটি আৰক্ষী থানাৰ আৰক্ষীৰ লোক আৰু শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
আৰক্ষীৰ তদন্তৰ অন্তত আৰু স্থানীয় মহিলাৰ অভিযোগ অনুসৰি এগৰাকী স্থানীয় মহিলাই অবৈধ ভাবে শিশুটি প্ৰসৱ কৰাৰ পিছত হত্যা কৰি নলাত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে।
ইপিনে নুনমাটি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰাইজে সন্দেহ কৰা মহিলা গৰাকীক আটক কৰি সোধা পোছা কৰি তদন্ত অব্যাহত ৰাখিছে।
Input and Photo – Jayanta Das
আৰু পঢ়ক : অতি সোনকালেই ক্ৰিকেটক বিদায় দিয়াৰ সম্ভাৱনা এইগৰাকী চিনিয়ৰ ক্ৰিকেটাৰৰ