
মহানগৰীত চাঞ্চল্যকৰ ঘটনা, ভাড়াঘৰত মোনাৰ ভিতৰত উদ্ধাৰ মৃত নৱজাত। গুৱাহাটী মহানগৰীত পুনৰ এক চাঞ্চল্যকৰ ঘটনা ।
গুৱাহাটীৰ বৰবাৰীত সংঘটিত হৈছে এই ঘটনা। বৰবাৰীৰ এক নিজান বাটৰ ভাড়াঘৰত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ।
ৰহস্যজনকভাবে ভাড়াঘৰতে মৃত অৱস্থাত আছে কেঁচুৱাটো। এখন মোনাৰ ভিতৰত থোৱা আছিল নবজাতকটিৰ মৃতদেহ।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কালি নিশা জন্ম পাইছিল কেঁচুৱাটো। নিশা প্ৰায় ১ মান বজাত কেঁচুৱাটোৰ মাতৃ ভাড়াঘৰটোলৈ আহিছিল ।
তাৰ পাছত আজি পুৱা কেঁচুৱাটো সেই কোঠাতেই থৈ আকৌ গুচি যায় । কিন্তু বৰ্তমান পৰ্যন্ত সন্তানটোৰ মাতৃ উপস্থিত হোৱা নাই ভাড়াঘৰটোত ।
দিছপুৰ আৰক্ষীক ঘটনা সম্পৰ্কে খবৰ কৰা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।