
লোকসভাৰ এখন বৈঠকত এজন নেতাই সুৰাপান কৰি আহি ভাষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে নেতা গৰাকীক ‘নাৰ্কটেষ্ট’ কৰাৰ বাবে দাবী উত্থাপন কৰিছে সমুহ বিৰোধীদলৰ লোকে। সচাঁ-মিছা ধৰিব পৰা নাই যদিও বৰ্তমানে ছচিয়েল মিডিয়াযোগে যথেষ্ট ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’।
য’ত পঞ্জাৱৰ আম আদমী দলৰ অধ্যক্ষ ভগৱন্ত মানে লোকসভাত বৰ ৰসালকৈ নিজৰ ভাষণ দি আছে। ভাষণত তেওঁ বিজেপিৰ নেতাসকলক উদ্দেশ্য কৰি দেহৰ বিভিন্ন ভংগিমা প্ৰদৰ্শন কৰিছে। যিটোক বিজেপিয়ে অপমানজনক আখ্যা দিছে আৰু তেওঁ সুৰাপান কৰি অহা বাবে তেনে কৰা বুলি কৈ ‘নাৰ্কটেষ্ট’ কৰাৰ দাবী উত্থাপন কৰিছে।
ভাইৰেল হৈ পৰা ভিডিঅ’টোত ভগৱন্ত মানে নিজৰো প্ৰশংসা কৰে, তেওঁ নিজকে মান চাহাব বুলি সম্বোধন কৰে বুলি কয়। তেতিয়াহে বোলে আনেও তেওঁক মান চাহাব বুলি সম্বোধন কৰিব। লগতে নিজকে এজন ভাল হাস্যৰসিক বুলিও কয় পঞ্জাৱৰ আম আদমী দলৰ অধ্যক্ষগৰাকীয়ে।
পিছে এই সমস্ত ঘটনা বিজেপিয়ে যিয়েই আখ্যা নিদিয়ক আম আদমী দলৰ অন্য এজন নেতা হৰপাল সিঙে এয়া ভগৱন্ত মানৰ পৰিষ্কাৰ মনৰ প্ৰতিচ্ছবি বুলি কয় আৰু বিজেপিয়েহে ইয়াক সৰু লৰা-ছোৱালীৰ দৰে ব্যৱহাৰ কৰা বুলি কয়।