
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ। দেৱালীৰ পূৰ্বে বৃদ্ধি পাব কৰ্মচাৰীৰ মৰগীয়া ভাট্টা। যিসকলে অবসৰ লৈছে সেইসকলৰো বৃদ্ধি পাব পেঞ্চনৰ ধন।
৫ শতাংশ মৰগীয়া ভাট্টা আৰু পেঞ্চন বৃদ্ধিৰ ঘোষণা কৰা হৈছে। ২০১৯ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশ। বিগত ৪ মাহৰো বৃদ্ধি হোৱা ভাট্টা লাভ কৰিব কৰ্মচাৰীসকলে। ৫ শতাংশ মৰগীয়া ভাট্টা বৃদ্ধি হোৱাৰ লগে লগে ১৭শতাংশলৈ বৃদ্ধি পালে কৰ্মচাৰীৰ ভাট্টা।