33 C
Guwahati
Monday, September 26, 2022
More

    নৱৰাত্ৰি আৰম্ভ হোৱাৰ আগতেই সমাপন কৰক এইকেইটা কাম! অন্যথা দুৰ্ভাগ্যই লগ নেৰিব আপোনাক

    নৱৰাত্ৰি আৰম্ভ হোৱাৰ আগতেই সমাপন কৰক এইকেইটা কাম! অন্যথা দুৰ্ভাগ্যই লগ নেৰিব আপোনাক

    নৱৰাত্ৰিলৈ মাজত মাত্ৰ কেইটামান দিন হে বাকি আছে। নৱৰাত্ৰিত ন দিনৰ বাবে দেৱী দুৰ্গাক পূজা কৰা হয় । কিন্তু নৱৰাত্ৰিত দেৱী মা ঘৰলৈ আনাৰ আগতে কেইটামান বিশেষ কাম সমাপন কৰিল’ব লাগে।

    নৱৰাত্ৰিৰ আগতেই যদি এই কামকেইটা সমাপন কৰি লোৱা নহয় তেনেহলে দেৱী মাক পূজা কৰা বা ব্ৰত পালন কৰাৰ ফল লাভ কৰা নহয়। এই বিশেষ কামকেইটানো কি কি তাৰ বিষয়ে জানো আহক—-

    ১) গোটেই ঘৰটো পৰিষ্কাৰ কৰা– নৱৰাত্ৰিৰ পৱিত্ৰ উৎসৱৰ আগতে ঘৰটোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ। কোৱা হয় যে দেৱী মাক অপৰিষ্কাৰ ঘৰত স্থাপন কৰিলে ভক্তসকলৰ দেৱী মাৰ কৃপা লাভ নকৰে। ঘৰৰ সম্পূৰ্ণ চাফাই কৰাৰ পিছত গোটেই ঘৰটোত গংগাজল চটিয়াব লাগে।

    ২) দুৱাৰত স্বস্তিকা অংকন কৰক–সনাতন ধৰ্মত স্বস্তিকাৰ এক বিশেষ মহত্ব আছে। কোৱা হয় যে নৱৰাত্ৰিৰ সময়ত মূখ্য দুৱাৰত স্বস্তিকা অংকন কৰিলে সদায় দেৱী মাৰ কৃপা লাভ কৰে। দেৱী মাক ঘৰলৈ অনাৰ আগতেই মূখ্য দুৱাৰত স্বস্তিকা অংকন কৰিবই।

    ৩) তামসিক ভোজন– আপুনি যদি আমিষ ভোজি তেনেহলে নৱৰাত্ৰিৰ বাবে ঘৰ পৰিষ্কাৰ কৰাৰ পিছত ঘৰলৈ মাছ, মাংস কণী নানিব। ইয়াৰ বাহিৰেও নহৰু আৰু পিয়াজৰ দৰে তামসিক বস্তুও ঘৰলৈ নানিব। নৱৰাত্ৰিৰ এই ন টা দিন সুৰা পান নকৰিব।

    ৪) কি কাপোৰ পিন্ধিব– নৱৰাত্ৰিত ৰঙৰো বিশেষ মহত্ব আছে। কোৱা হয় যে নৱৰাত্ৰিত কেতিয়াও ক’লা বা গাঢ় ৰঙৰ কাপোৰ পিন্ধিব নালাগে।সেয়েহে নৱৰাত্ৰিত হালধীয়া, ৰঙা, বা পাতল ৰঙৰ কাপোৰ পিন্ধিব লাগে।

    ৫) এইকেইটা কাম ভূলটো নকৰিব– চুলি, নখ, দাড়ি কটাৰ দৰে কামবোৰ আগতেই কৰি ল’ব লাগে। নৱৰাত্ৰিৰ নটা দিনত নখ কটা, চুলি কটাটো শুভ নহয় বুলি কোৱা হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং