পলাতক ক্ৰিকেটাৰক ধৰিবলৈ ইন্টাৰপ’লৰ সহায় ল’ব এইখন দেশৰ আৰক্ষীয়ে

0
105

পলাতক অৱস্থাত থকা নেপালৰ তাৰকা ক্ৰিকেটাৰ তথা বিশ্বৰ বিভিন্ন টি-২০ লীগত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰা সন্দীপ লামিছানেৰ সন্ধান উলিয়াবলৈ নেপালৰ আৰক্ষীয়ে সহায় বিচাৰিছে ইন্টাৰপ’লৰ।

চলিত মাহৰ আৰম্ভণিতে নেপালৰ এখন আদালতে এগৰাকী ১৭ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত লামিছানেৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল।

ভুক্তভোগী কিশোৰীগৰাকীয়ে ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে কাঠমাণ্ডুৰ এখন হোটেলৰ কোঠাত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

নেপালৰ আৰক্ষীৰ মুখপাত্ৰ টেক প্ৰসাদ ৰাইয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, দেওবাৰে ইণ্টাৰপ’লে তেওঁৰ বিৰুদ্ধে ‘ডিফিউজন’ জাননী জাৰি কৰি তেওঁ বাহৰ পাতি থকা স্থান নিৰ্ণয় কৰাত সদস্য ৰাষ্ট্ৰসমূহক সহযোগিতা আগবঢ়াবলৈ কয়।

তেওঁ কয়, ‘লামিছানেৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগৰ তদন্তৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰাত সহায়ক হ’ব বুলি আমি আশাবাদী’।

উল্লেখ্য যে দেওবাৰে লামিছানেই এই অভিযোগৰ বিৰুদ্ধে যুঁজিবলৈ অতি শীঘ্ৰে ঘৰলৈ উভতি আহিব বুলি ছ’চিয়েল মিডিয়াযোগে জানিব দিছিল।

ক্ৰিকেটাৰগৰাকীয়ে ক’ত আছে সেই কথা গোপনে ৰাখি ফেচবুকত লিখিছিল যে নিজৰ মানসিক আৰু শাৰিৰীক স্থিতিৰ বাবে তেওঁ আইছ’লেশ্যনত আছে। তেওঁ লগতে গ্ৰেপ্তাৰী পৰোৱানাই ‘মোক মানসিকভাৱে বিচলিত কৰিছে’ বুলিও উল্লেখ কৰে।

উল্লেখ্য যে গৌশালা মহানগৰ আৰক্ষী চাৰ্কলত যোৱা ৬ ছেপ্তেম্বৰত দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি, প্ৰায় তিনি সপ্তাহ পূৰ্বে ২২ বছৰীয়া লামিছানেই কিশোৰীগৰাকীক কাঠমাণ্ডুৰ এখন হোটেলত ধৰ্ষণ কৰিছিল।

এজাহাৰত উল্লেখ কৰা অনুসৰি, ২১ আগষ্টত লামিছানেই ছোৱালীজনীক কাঠমাণ্ডু আৰু ভক্তপুৰৰ বিভিন্ন স্থানলৈ লৈ গৈছিল আৰু সেইদিনা ৰাতি কাঠমাণ্ডুৰ এখন হোটেলত ধৰ্ষণ কৰিছিল।