
এজনী ফুলকুমলীয়া কণমানি। জীৱনৰ আৰম্ভণিতে কণমানিজনীৰ জীৱনলৈ নামি আহিল এক অনিশ্চয়তা। খেলি থাকোতে পথৰ কাষত পৰি থকা বিষাক্ত দ্ৰব্য সেৱন কৰি যুঁজিছে মৃত্যুৰে। দৰিদ্ৰ পিতৃ-মাতৃৰ স্বাস্থ্য মন্ত্ৰীলৈ আহ্বান- ছোৱালীজনীক ৰক্ষা কৰক।
দেখিলেই মৰম লগা কণমানি জনীৰ নাম কংকনা বৰুৱা। টীয়কৰ বনাই ৰবি বৰুৱা গাঁৱৰ ৰঞ্জন বৰুৱা আৰু মঞ্জু বৰুৱাৰ কন্যা এই মৰম লগা কণমাণিজনী। কংকণাৰ মাত-কথাত মুখৰিত হৈ থকা ঘৰখন আজি বিশাদেৰে ভৰা। যোৱা ৪ ডিচেম্বৰত কণমানি কংকণাই ঘৰৰ সন্মুখত খেলি থাকোতে পথৰ কাষত পৰি থকা এটি বটলৰ বিষাক্ত দ্ৰব্য সেৱন কৰে। পিতৃ মাতৃয়ে ততালিকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ।
চিকিৎসকৰ আপ্ৰাণ চেষ্টাত কিছু পৰিমাণে কংকণা সুস্থ হৈ উঠে যদিও আন এক জটিল ব্যাধিৰ গ্ৰাসত পৰে কণমাণিজনী। চিকিৎসকে কণমাণিজনীক চিকিৎসাৰ বাবে এইমছলৈ নিবলৈ পৰামৰ্শ দিয়ে পিতৃ মাতৃক। কিন্তু দিন হাজিৰা কৰি চলি থকা পিতৃ-মাতৃয়ে নিয়ে কেনেকৈ?

সম্প্ৰতি খাব নোৱাৰা হৈ পৰা কণমাণিজনীৰ চিকিৎসাৰ বাবে সদাসয় ৰাইজৰ লগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে এধানি সহায়ৰ হাত। কণমাণিজনীৰ চিকিৎসাৰ নামত সকলো সপি দি দিকবিদিক হেৰুওৱা দুৰ্ভগীয়া পিতৃৰো আহ্বান- “আমাক অলপ সহায় কৰক”
আপুনি যদি কণমানি কংকনাৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াব বিচাৰিছে তেন্তে 8811909542 নম্বৰত যোগাযোগ কৰিব পাৰিব। অথবা 32853124213(IFSC CODE-SBIN0009193) নম্বৰৰ এছ বি আই একাউণ্টত আপুনি নিজেই আৰ্থিক সহায়ৰ হাত আগবঢ়াব পাৰিব। আপোনাৰ কিঞ্চিত সহায়ে হয়তো ন-কৈ জীৱন দিব এই দেৱ শিশুটিক।
Photo : @bhaskorjyotiborah