অসমৰবাসীৰ সহায় বিচাৰি বলোৰামৰ প্ৰাৰ্থনা

আজিৰ পৰা প্ৰায় এমাহ আগত কেৰেলাৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি থকা অৱস্থাত প্ৰেচাৰ ষ্ট্ৰ'ক হৈছিল বলোৰাম ঘোষৰ

0
67

মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত মেৰবিল চাপৰি গাঁৱৰ এজন যুৱকে আৰ্থিক অনাটনৰ বাবে চিকিৎসাৰ অভাৱত পৰি থাকিব লগীয়া হৈছে বিছনাত। বলোৰাম ঘোষ নামৰ ৩২ বছৰীয়া যুৱক জনে এতিয়া যুজ দিছে মৃত্যুৰে৷

আজিৰ পৰা প্ৰায় এমাহ আগত কেৰেলাৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি থকা অৱস্থাতে প্ৰেচাৰ ষ্ট্ৰ’ক হৈছিল। যাৰ বাবে পিছলৈ ঘোষৰ শৰিৰৰ বাঁওফালৰ অংশ সম্পূৰ্ণৰূপে অকামিলা হৈ পৰে৷

অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰাব নোৱাৰি অসম চৰকাৰৰ বিশেষ সহায়ত বলোৰামক মাজুলীৰ নিজা গৃৃহলৈ লৈ অনা হয়। পিছে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকামী বলোৰামৰ এই পৰিস্থিতিয়ে দিশহাৰা কৰিছে পৰিয়ালটোক৷ বৰ্তমানে জীৱন মৃত্যুৰে যুজি থকা বলোৰামৰ স্বাস্থ্য দিনক দিনে অৱনতি ঘটি আহিবলৈ ধৰিছে৷

মগজু আৰু পেতৰ অপাৰেচনৰ বাবে বৰ্তমান কেইবালাখো টকাৰ প্ৰয়োজন বুলি চিকিৎসকে জনোৱাৰ পিছত টোপনি নহোৱা হোৱা পৰিস্থিতিয়ে দেখা দিছে পৰিয়ালটোৰ৷

কোনো ব্যৱস্থা কৰিব নোৱাৰা পৰিয়ালটোৱে চৰকাৰৰ সহায়ৰ আহ্বান জনাইছে যদিও বৰ্তমানলৈ কোনো সুফল নাপায় বিমুৰত পৰিছে৷ ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ বলোৰামক লৈ যোৱা হৈছে যদিও আৰু দুটা মাহৰ পিছত পুনৰ কৰিব লগা মেজৰ অপাৰেচনক লৈ চিন্তিত হৈ পৰিছে পৰিয়াল বৰ্গ৷ বলোৰামৰ পত্নী, পিতৃ, মাতৃয়ে এতিয়া অসমবাসীৰ সহায় ভিক্ষা কৰিছে।

সহায়ৰ বাবে যোগাযোগৰ নম্বৰ ভাতৃ মিথুন ঘোষ 6000749121
নাইবা ভাৰতীয় ষ্টেট বেংকৰ একাউন্ট নম্বৰ 34619093152, IFSC SBIN0005081 নম্বৰত সাধ্যনুসাৰে আৰ্থীক অনুদান প্ৰদান কৰিব বুলি আশা কৰিছে পৰিয়ালটোৱে৷