28 C
Guwahati
Thursday, August 11, 2022
More

    হঠাতে হুৱাদুৱা এটা নলাৰ পাৰত- বিশেষ জনক বিচাৰি ভিৰ এজাক লোকৰ লগতে আৰক্ষী, উদ্ধাৰকাৰী দলৰ

    হঠাতে হুৱাদুৱা এটা নলাৰ পাৰত- বিশেষ জনক বিচাৰি ভিৰ এজাক লোকৰ লগতে আৰক্ষী, উদ্ধাৰকাৰী দলৰ। এচ ডি আৰ এফ, এন ডি আৰ এফ বাহিনীয়ো উপস্থিত ঘটনাস্থলীত।

    গুৱাহাটী মহানগৰীৰ অনিল নগৰত‌ এই ঘটনা। এগৰাকী লোক হেনো সোমাই পৰিল নলাত। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি নিজেই হেনো সোমাই গল প্ৰকাণ্ড নলাটোত।

    প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি লোকগৰাকীয়ে প্ৰথমো বাহিনী আৰু ভৰলু নৈ যি বৰ্তমানে এট ডাঙৰ নলাৰ ৰূপ ধাৰণ কৰিছে তাত জাপ দিয়ে। তাৰ পাছত সকলো লোকে নলাটোৰ পাৰত ভিৰ কৰাত লোক গৰাকী অনিল নগৰৰ ফালে থকা নলাৰ ভিতৰত সোমাই পৰে।

    লোক সকলে বাৰম্বাৰ কোৱাৰ পাছতো লোকগৰাকী তাৰ পৰা ওলাই নাহে বৰঞ্চ আৰু অধিক ভিতৰৰ ফালেহে সোমাই যায়। যাৰ ফলত তাত উপস্থিত থোকা লোক সকলে ততাতৈয়াকৈ আৰক্ষী আৰু এন ডি আৰ এফ আৰু এছ ডি আ এফ বাহিনীক খবৰ দিলে।

    কিয়নো এজাক বৰষুণতে বানপানী হোৱা অনিল নগৰৰ সেই নলাও পানীৰে ভৰি পৰে। তাতে বিগত দুটা দিন ধৰি নেৰামেপেৰা বৰষুণ আহিয়ে আছে। বৰ্যতমানেহে সামান্য হ্ৰাস পাইছে বৰষুণ।

    সেয়ে যদিহে পুনৰ বৰষুণ আহে তেন্তে সেই নলাৰ ভিতৰ সোমাই যোৱা লোকগৰাকীৰ মৃত্যু নিশ্চিত। সেয়ে সকলো স্থানীয় লোকে উঠি পৰি লাগিছে লোক গৰাকীক উদ্ধাৰৰ বাবে।

    স্থানীয়ে লোকে সন্দেহ কৰা অনুসৰি লোকগৰাকী হয়তো মানসিক বিকাৰগ্ৰস্ত, নাইবা কোনো চোৰ । লোকগৰাকীয়ে নলাত জাপ দিয়াৰ সময়ত লগত এটা টোপোলাও থকা বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে

    বৰ্তমানে উদ্ধাৰকাৰী দল ব্যস্ত লোকগৰাকীক উদ্ধাৰৰ বাবে।

    আৰু পঢ়ক :- ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয়ক সন্ত ঘোষণা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং