প্ৰাক্তন অধিনায়ক কপিল দেৱ সুস্থ হৈ উভতিল ঘৰলৈ; চেতন শৰ্মাই শ্বেয়াৰ কৰিলে ফটো

শুকুৰবাৰে হৃদ ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৬১ বছৰীয়া কপিল দেৱৰ জৰুৰীকালীন Coronary angioplasty কৰা হৈছিল

0
621

প্ৰথম ৱৰ্ল্ড কাপ বিজয়ী অধিনায়ক কপিল দেৱক হাস্পতালৰ পৰা ৰিলিজ কৰি দিয়া হৈছে।

শুকুৰবাৰে হৃদ ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

৬১ বছৰীয়া কপিল দেৱৰ জৰুৰীকালীন Coronary angioplasty কৰা হৈছিল।

হাস্পতালৰ ফালৰ কোৱা অনুসৰি, ‘কপিল দেৱক আজি(দেওবাৰ) দুপৰীয়াৰ পিছত ৰিলিজ কৰি দিয়া হৈছিল।

তেওঁ পূৰ্বতকৈ সুস্থ অৱস্থাত আছে আৰু শীঘ্ৰে তেওঁৰ ৈদনন্দিন জীৱন আৰম্ভ কৰিব পাৰিব।

প্ৰাক্তন ভাৰতীয় বলাৰ চেতন শৰ্মাই টুইটাৰত কপিল দেৱে হাস্পতালৰ পৰা ৰিলিজ হোৱা ফটো শ্বেয়াৰ কৰে।

Fortis Escorts Heart Instituteত হৃদ ৰোগ বিভাগৰ নিৰ্দেশক ডাঃ অতুল মাথুৰে তেওঁৰ জৰুৰীকালীন Coronary angioplasty কৰে।

২৪ অক্টোবৰত ছাৰ্জাৰীৰ পিছত তেওঁৰ প্ৰথমখন ফটো ভাৰতীয় বলাৰ চেতন শৰ্মাই শ্বেয়াৰ কৰিছিল।

এই ফটোখনত সকলো ঠিকে থকাৰ ইংগিত বহন কৰিছিল।

Photo Credit: Twitter