Breaking: মুকলি আকাশৰ তললৈ ৰঞ্জন দৈমাৰী

চৰকাৰ প্ৰশাসনৰ পৰা সকলো সময়তে দৈমাৰীক প্ৰদান কৰা হ'ব নিৰাপত্তা

0
47

অৱশেষত চাৰিসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন লৈ মুকলি আকাশৰ তললৈ আহিল ৰঞ্জন দৈমাৰী। শান্তি আলোচনাত ভাগ লোৱাৰ বাবে পোনে পোনে দিল্লীলৈ ৰাওনা NDFBৰ নেতাগৰাকী।

শান্তি চুক্তিৰ বাবে বিশেষ ভাবে জামিনৰ আবেদন কৰিবলৈ নিৰ্দেশ দিছিল কেন্দ্ৰই। দৈমাৰীক সম্বৰ্ধনা জনাবলৈ পৰিয়ালৰ লগতে বহু সমৰ্থকৰ সমাগম ঘটিছিল কেন্দ্ৰীয় কাৰাগাৰত।

কাৰাগাৰৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ওলাই যায় দৈমাৰী। চৰকাৰ প্ৰশাসনৰ পৰা সকলো সময়তে দৈমাৰীক প্ৰদান কৰা হ’ব নিৰাপত্তা।

উল্লেখ্য যে যাৱজ্জীৱন কাৰদণ্ডৰে দণ্ডিত এন ডি এফ বিৰ নেতাগৰাকীৰ। ২০০৮ চনৰ ভয়ংকৰ বোমা বিস্ফোৰণত অভিযুক্ত এই NDFBৰ নেতাগৰাকী।

Photo: @dhrubaborah