
NDFBৰ মাজত বিভাজন স্পষ্ট। এই কথা স্বীকাৰ কৰিলে NDFB( প্ৰগতিশীল)ৰ অধ্যক্ষ গোবিন্দ বসুমতাৰীৰ। ‘নিজ স্বাৰ্থৰ বাবে একাংশ NDFBৰ গোটে এৰিব নোৱাৰে হাগ্ৰামাক। আমি একত্ৰিত নাছিলো হোৱাৰ চেষ্টাহে কৰিছিলো। গোবিন্দ বসুমতাৰী গোটে BTC নিৰ্বাচনত সহায় কৰিব ইউপিপিএল দলক।’- এই কথা প্ৰকাশ কৰে NDFBৰ অধ্যক্ষগৰাকীয়ে।
আইনৰ উৰ্ধত নহয় কোনো। ৰঞ্জন দৈমাৰী মুক্তি পাব বুলি মই আশা কৰা নাই। ৰঞ্জন দৈমাৰীৰ মুক্তি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য গোবিন্দ বসুমতাৰীৰ। বাক্সাৰ বাগানপাৰাত অনুষ্ঠিত এখন জনসভাত এই মন্তব্য কৰে বসুমতাৰীয়ে।
Photo: Time8