এনচিবিৰ বৃহৎ সফলতা! ভাৰতত প্ৰথমবাৰলৈ ক’লা কোকেইন জব্দ

0
64

এনচিবিৰ বৃহৎ সফলতা! ভাৰতত প্ৰথমবাৰলৈ ক’লা কোকেইন জব্দ

দেশত ড্ৰাগচ বিৰুদ্ধি অভিযান অব্যাহত আছে। ড্ৰাগচৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে দেশত এইবাৰ ক’লা কোকেইন জব্দ কৰা হৈছে।

দৰাচলতে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে দেশত ড্ৰাগছ যোগান ধৰা ৰেকেটটো ভাঙিবৰ বাবে সম্পূৰ্ণ চেষ্টা কৰি আছে। সেই সময়তে এনচিবিয়ে মুম্বাই এটা অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ ক’লা কোকেইন জব্দ কৰা হৈছে।

মুঠ তিনি কিলোগ্ৰামতকৈও অধিক ক’লা কোকেইন নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে মুম্বাইৰ পৰা জব্দ কৰিছে। কোকেইন খিনি মুম্বাইৰ পৰা গোৱালৈ যাব লগা আছিলে ।

জব্দ কৰা ক’লা কোকেইন খিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় তিনি কোটি টকা বুলি অনুমান কৰা হৈছে। ক’লা কোকেইন জব্দ কৰা এইটোৱে হৈছে ভাৰতৰ প্ৰথম ঘটনা।

এনচিবি মুম্বাইৰ আঞ্চলিক বিষয়া সকলে জানিব দিয়া মতে ক’লা কোকেইন ধৰাটো অতিকৈ কঠিন।ইয়াৰ গোন্ধ স্নিফাৰ কুকুৰবোৰেও ধৰিব নোৱাৰে।

ইয়াৰ আঁৰৰ মুখ্য কাৰণ টো হ’ল সাধাৰণ কোকেইনৰ গোন্ধ আছে।কিন্তু ক’লা কোকেইনৰ গোন্ধ একেবাৰে নাই। সেয়েহে ইয়াক ধৰা টো অতি কঠিন।কিন্তু প্ৰথমবাৰৰ বাবে ভাৰতলৈ চোৰাংকৈ অনা ক’লা কোকেইন আমি জব্দ কৰিবলৈ সক্ষম হ’লো।