আটক হোৱা শ্বাহৰূখ খানৰ পুত্ৰৰ হোৱাটছএপত কি ভয়ংকৰ তথ্য!

0
77353
শ্বাহৰুখ খানৰ পুত্ৰই ক'ত লুকুৱাই ৰাখিছিল ড্ৰাগছ, কিমান আছিল টিকটৰ মূল্য?
ফটো সৌজন্য- ইন্টাৰনেট

আটক হোৱা শ্বাহৰূখ খানৰ পুত্ৰৰ হোৱাটছএপত কি ভয়ংকৰ তথ্য!

বলিউদৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক নাৰ্ক’টিক কন্ট্ৰোল ব্যুৰোই শনিবাৰে আটক কৰাৰ পাছতে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এন চি বিয়ে আৰয়ান খানৰ হোৱাটছ এপ পৰীক্ষা কৰে আৰু হোৱাটছএপত আৰয়ান খানে নিয়মীয়াভাৱে ড্ৰাগছৰ অৰ্ডাৰ দিছিল বুলি নিশ্চিত হয়।

শনিবাৰে সন্ধিয়া এন চি বিৰ এটা দলে মুম্বাইৰ পৰা গোৱা অভিমুখে যোৱা এখন জাহাজত অভিযান চলাই ড্ৰাগছ গ্ৰহণৰ অভিযোগত শ্বাহৰূখ খানৰ পুত্ৰ আৰয়ান খানকে ধৰি আন আঠজন ব্যক্তিক আটক কৰে।

জাহাজখনত বহু সংখ্যক অতিথিয়ে যাত্ৰা কৰি আছিল যদিও অভিযানকাৰী এন চি বিৰ দলটোৱে শ্বাহৰুখ খানৰ পুত্ৰকে ধৰি আঠজন লোকক আটক কৰে।

এন চি বিয়ে বৰ্তমান শ্বাহৰূক খানৰ পুত্ৰ আৰয়ান খানক সোধা-পোছা অব্যাহত ৰাখিছে।

আৰু পঢ়ক : শিলচৰত দিনদুপৰতে পিষ্টল দেখুৱাই যুৱকক অপহৰণৰ চেষ্টা