25.5 C
Guwahati
Tuesday, September 21, 2021
More

    মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা অসম আৰক্ষীৰ জোৱান নজমুল হকৰ ঘৰত শোকৰ বন্যা

    মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা অসম আৰক্ষীৰ জোৱান নজমুল হকৰ বৰপেটা জিলাৰ হাউলীৰ কদমগুৰি গাঁৱৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিবেশে৷

    কনিষ্ঠ পুত্ৰক হেৰুৱাই কান্দোনত ভাঙি পৰিছে বৃদ্ধ মাতৃ। আনহাতে জ্যেষ্ঠ ভাতৃৰ লগতে পৰিয়ালৰ লোক আৰু গাঁওবাসীৰ চকুতো বিৰিঙিছে চকুপানী।

    সোমবাৰে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হোৱা ৫ গৰাকী আৰক্ষীৰ জোৱানৰ ভিতৰত আছে বৰপেটাৰ হাউলীৰ কদমগুৰি গাঁৱৰ মৃত হাবেজউদ্দিনৰ পুত্ৰ নজমুল হক।

    মৃত্যুৰ সময়ত জোৱানজনৰ বয়স আছিল ৪০ বছৰ ৷

    ২০০১ চনত বৰপেটাৰ হাউলীৰ এটি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ অসম আৰক্ষীৰ ৬ নং এ পি বি এনত যোগদান কৰিছিল নজমুলে।

    কিন্তু সোমবাৰে তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলবাসীকে শোকাহত কৰি তুলিছে।

    তিনিমাহ পূৰ্বে ঘৰলৈ আহি যোৱা জোৱানজনে সোমবাৰে দেহত গুলী লগাৰ পিছতে ঘৰলৈ ফোন কৰিছিল।

    ৬ জন ভাই ককাই আৰু ৩ গৰাকী ভগ্নীৰ ভিতৰত নজমুল আছিল কনিষ্ঠ পুত্ৰ৷ পৰিয়ালটোৰ নজমুলেই আছিল একমাত্ৰ চাকৰিয়াল৷

    ইপিনে নাজমুল হক শিলচৰত কৰ্মৰত হৈ থকাৰ লগতে তেওৰ সৈতে একেলগে শিলচৰতে আছিল পত্নী আৰু দুই সন্তান৷

    মৃত্যুৰ সময়ত বৃদ্ধ মাতৃ আৰু ভাই-ভনীৰ লগতে পত্নী আৰু দুই সন্তানক এৰি যায় আৰক্ষী জোৱানজনে৷

    সন্তান দুটাৰ এটাৰ বয়স ১১ বছৰ আৰু আনটোৰ বয়স ৮ বছৰ৷

    ইপিনে কেন্দ্ৰ আৰু দুয়োখন ৰাজ্যতে যি সময়ত বিজেপিয়ে শাসন কৰি আছে তেনে সময়তে এনেদৰে নিজ দেশৰ ভিতৰতে আৰক্ষীৰ গুলীত শ্বহীদ হবলগীয়া হোৱাটোক দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত পৰিয়ালৰ লোকৰ৷

    চীন, পাকিস্তান বা বাংলাদেশৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হ’বলগা হ’লে দুখ নালাগিলহেতেন বুলিও মন্তব্য পৰিয়ালৰ লোকৰ৷

    আনহাতে আন কোনো যাতে এনেদৰে শ্বহীদ হ’ব লগা নহয় তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে সীমা সমস্যা সমাধানৰ আহ্বান জনাই পৰিয়ালৰ লোকে।

    আৰু পঢ়ক : মীৰাবাঈ চানুলৈ পদোন্নতিৰ লগতে ২ কোটি টকাৰ পুৰস্কাৰ ভাৰতীয় ৰে’লৱেৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং