দক্ষিণ ভাৰতৰ অন্যতম অভিনেত্ৰী নয়নতাৰাৰ বিবাহ…বিবাহ অনুষ্ঠানত উপস্থিত শ্বাহৰুখৰ পৰা আদি কৰি বহু তাৰকা

0
1218

দক্ষিণ ভাৰতৰ অন্যতম অভিনেত্ৰী নয়নতাৰাৰ বিবাহ…বিবাহ অনুষ্ঠানত উপস্থিত শ্বাহৰুখৰ পৰা আদি কৰি বহু তাৰকা

দক্ষিণ ভাৰতৰ অন্যতম সফল অভিনেত্ৰী নয়নতাৰাৰ আজি বিবাহ অনুষ্ঠান সম্পন্ন হৈ যায়। ছবি পৰিচালক ভিগনেছ শিভমৰ সৈতে বিবাহ অনুষ্ঠান সম্পন্ন হয় নয়নতাৰাৰ বিবাহ। বিবাহ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হয় বহু গন্য় মান্য অতিথিক।

৭ বছৰৰ প্ৰেমৰ অন্তত বিবাহৰ বান্ধোনত বান্ধ খাই দুয়ো। ভিগনেছৰ পূৰ্বে অভিনেতা চিম্বু আৰু ছবি নিৰ্মাতা প্ৰভি দেৱাৰ সৈতে সম্পৰ্ক আছিল ৩৭ বৰ্ষীয় অভিনেত্ৰী নয়নতাৰাৰ।

আজি বিবাহৰ পাছত কাইলৈ বিবাহৰ ৰিছ্যপছন পাৰ্টীৰ আয়োজন কৰিছে। এই অনুষ্ঠানলৈ বুলি বলীউড কিং শ্বাহৰুখ খান ৰাওনা হৈছে। কৰণাৰ পৰা সুস্থ হৈয়ে দক্ষিণ ভাৰতলৈ গমণ কৰিছে অভিনেতাগৰাকীয়ে।

শ্বাহৰুখৰ উপৰিও বিবাহৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ পাইছে দক্ষিণৰ ছুপাৰষ্ঠাৰ ৰজনিকান্ত, মোহন ৰাজা, বোনী কাপুৰ, অজিত কুমাৰ আদিৰ লগতে বহু তাৰকা।