বিয়াৰ ৪ মাহৰ পাছতে ছাৰোগেচীৰে সন্তান লাভ কৰি এতিয়া চৰকাৰৰ ৰোষত নয়নতৰা-ভিগ্নেশ

0
12692

বিয়াৰ ৪ মাহৰ পাছতে ছাৰোগেচীৰে সন্তান লাভ কৰি এতিয়া চৰকাৰৰ ৰোষত নয়নতৰা-ভিগ্নেশ

দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ অভিনেত্ৰী নয়নতৰা আৰু ছবি পৰিচালক তথা প্ৰযোজক ভিগ্নেশ শিৱন এতিয়া মহা বিপদৰ সন্মুখিন হৈছে। কালি সামাজিক মাধ্যমত এক অতিকে সুখবৰ সদৰি কৰাৰ পাছতে বিপদত দুয়ো।

বিবাহৰ চাৰি মাহৰ পাছতে ছাৰোগেচী পদ্ধতিৰে এহাল যমজ সন্তানৰ পিতৃ-মাতৃ হৈছিল নয়নতৰা আৰি ভিগ্নেশ শিৱন। কালি সামাজিক মাধ্যমত দুয়ো সন্তানৰে ভৰিৰ সৈতে ফটো শ্বেয়াৰ কৰি নিজৰ অপাৰ সুখ ব্যক্ত কৰিছিল তাৰকা যুটিয়ে।

পাছে কালিৰ সেই সুখবৰৰ পাছতে আজি বিপদে দেখা দিছে দুয়োৰে সমুখত। তাকো অনুৰাগী নহয়, তামিলনাডু চৰকাৰৰ ৰোষত দুয়ো। এফালে বহু অনুৰাগীয়ে নয়নতৰাৰ এই ছাৰোগেচীৰ সিদ্ধান্ত মুঠেও পছন্দ কৰা নাই।

বহুতেই কৈছে বিবাহৰ মাত্ৰ ৪ মাহ হৈছে হে, দুয়ো নিজৰ সন্তানৰ কথা চিন্তা কৰিব পাৰিলে হেতেন। আনহাতে তামিলনাডু চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য, ছাৰোগেচী কোনো অপৰাধ নহয়. এয়া সম্পূৰ্ণ নিজা কথা। কিন্তু মানিব লাগিব সকলো নিয়ম।

বিয়াৰ মাত্ৰ ৪ মাহৰ পাছতে ছাৰোগেচীৰে সন্তান লাভ কৰাত ছাৰোগেচীৰ সম্পূৰ্ণ নিয়ম অনুসৰণ কৰা নাই বুলি সন্দেহ চৰকাৰৰ। সেয়ে এই ক্ষেত্ৰত তদন্ত কৰা হব বুলি সদৰি কৰে তামিলনাডুৰ স্বাস্থ্য মন্ত্ৰী সুব্ৰমণিয়ামে।