নৌসেনাৰ যুঁজাৰু বিমান MiG-29K দুৰ্ঘটনাগ্ৰস্ত; কথমপি প্ৰাণৰক্ষা পাইলটৰ

গোৱাৰ ডাবোলিমৰ আইএনএছ হঞ্চাত সাগৰৰ ওপৰত প্ৰশিক্ষণৰত এই বিমানখনে এটা পক্ষীক খুন্দা মৰাৰ ফলত বিমানখনৰ ইঞ্জিনত লাগে জুই

0
352
Photo credit: dnaindia.com

গোৱাত নৌসেনাৰ যুঁজাৰু বিমান MiG-29K দুৰ্ঘটনাগ্ৰস্ত। গোৱাৰ ডাবোলিমৰ আইএনএছ হঞ্চাত সাগৰৰ ওপৰত প্ৰশিক্ষণৰত এই বিমানখনে এটা পক্ষীক খুন্দা মৰাৰ ফলত বিমানখনৰ ইঞ্জিনত লাগে জুই। বিমানখন অগ্নিদগ্ধ হোৱাৰ পিছত পাইলট কেপ্টেইন এম ছেঅ’খণ্ড আৰি লেফটেণ্টেট কমাণ্ডৰ দীপক যাদৱে সুৰক্ষিতভাৱে অৱতৰণ কৰে। দুৰ্ঘটনাগ্ৰস্ত বিমানখন মুকলি স্থানত বাগৰি পৰে যদিও বৰ্তমানলৈ কোনো ধৰণৰ হতাহতৰ খবৰ পোৱা নাই।

নৌসেনাই দুৰ্ঘটনাটোৰ বাবে তদন্ত কমিটী গঠন কৰে। ইয়াৰ পূৰ্বে ২০১৯ৰ মাৰ্চত ভাৰতীয় বায়ুসেনাৰ Mig 21 বায়ছন বিমান ৰাজস্থানৰ বীকানেৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল যদিও বিমানখনৰ পাইলটৰ কথমপি প্ৰাণৰক্ষা।