19 C
Guwahati
Wednesday, December 1, 2021
More

    অৱশেষত গ্ৰেপ্তাৰ হ’ল চিকিৎসক নৱনীল বৰুৱা

    কিছুদিন পূৰ্বে গুৱাহাটীৰ ৰাজপথত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। সুৰামত্ত অৱস্থাত নিশা ২ বজাত গাড়ী চলাই ৰাজকন্যা বৰুৱাই সংঘটিত কৰিছিল ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত আহত হৈছিল ৮ জনকৈ শ্ৰমিক।

    আহত এজন শ্ৰমিকৰ কাটিবলগীয়া হৈছিল দুয়োখন ভৰি। এই ঘটনাত সাঙুৰ খাইছে চিকিৎসক নৱনীল বৰুৱাৰ নামো। দিশপুৰ আৰক্ষীয়ে চমন জাৰি কৰাৰ পিছত তিনিদিন চিকিৎসক নৱনীল বৰুৱা জেৰা চলোৱা হৈছিল।

    তাৰপিছতেই আজি দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নৱনীল বৰুৱাক। উল্লেখ্য যে, কোনো অসুস্থতা নোহোৱাকৈয়ে নৱনীল বৰুৱাই ৰাজকন্যাক বৰুৱাক আই চি ইউত ভৰ্তি কৰোৱাৰ অভিযোগ উত্থাপন হৈছিল।

    আৰু পঢ়ক : অপাৰেচন কক্ষত দলবদ্ধ ধৰ্ষণৰ অভিযোগ, ৬ হাস্পতাল কৰ্মীৰ বিৰুদ্ধে মহিলাৰ এই অভিযোগ উত্থাপন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং