ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপতত জিলিকিল অসম; এগৰাকীয়ে আনিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান, আনএখনে আনিলে শ্ৰেষ্ঠ ছবিৰ বঁটা

0
8299

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপতত জিলিকিল অসম; এগৰাকীয়ে আনিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান, আনএখনে আনিলে শ্ৰেষ্ঠ ছবিৰ বঁটা। অ’টোৱা ফিল্ম ফেষ্টিভেলৰ ২০২১বৰ্ষৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আজুৰিলে ব্ৰীজ ছবিৰ অভিনেত্ৰী শিৱৰাণীয়ে, আনহাতে সৰ্বভাৰতীয় ছুটি চিনেমা প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবিৰ সন্মান ‘দেৱী’ লৈ।

আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা লখিমপুৰৰ ঢকুৱাখনা নিবাসী শিৱাৰাণীয়ে “ব্ৰীজ” ছবি খনৰ মূল চৰিত্ৰত অভিনয় কৰিছিল । যোৱা ২২ জুনৰ পৰা ২৬ জুনলৈ কানাডাত অনুষ্ঠিত হোৱা চতুৰ্থ অটোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ এৱাৰ্ডত কৃষ্টিপথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত বহু চৰ্চিত অসমীয়া পূৰ্ণদৈৰ্ঘৰ চলচিত্ৰ খনৰ মূল অভিনেত্ৰী শিৱাৰাণী কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ এই সন্মান। উল্লেখ্য যে, যোৱা বছৰ এই সন্মান লাভ কৰিছিল প্ৰখ্যাত অভিনেত্ৰী সীমা বিশ্বাসে।

আনহাতে নামনি অসমত নিৰ্মাণ হোৱা ছুটি ছবি “ দেৱী”লৈ শ্ৰেষ্ঠ ছবিৰ বঁটা । বৰপেটা জিলাৰ সৰভোগৰ নামঘৰ প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত ছুটি ছবি “ দেৱী”য়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জ্বলি উঠিবলৈ সক্ষম হৈছে ৷

মুম্বাইৰ চিনেমা উদ্যোগৰ লগত জড়িত বিজু দাস পৰিচালিত ছুটি চিনেমাখনে দেশৰ আগশাৰীৰ টিভি চেনেল “ Paras TV’য়ে আয়োজন কৰা সৰ্বভাৰতীয় ছুটি চিনেমা প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ৷

সমাজৰ নাৰী সকলৰ জীৱনৰ এক মৰ্মস্পৰ্শী কাহিনীৰ আধাৰত নিৰ্মিত ছুটি চিনেমাখন সৰভোগৰ আশেপাশে থকা লোকেচনত শ্বুটিং কৰা হৈছিল ৷ ইয়াৰ পূৰ্বেও চিনেমাখনে সৰ্বভাৰতীয় পৰ্যায়ৰ কেবাটাও প্ৰতিযোগিতাত ভালেমান বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷

ছুটি চিনেমাখনে ইতিমধ্যে নৱাদাত বেষ্ট জুৰি এৱাৰ্ড, কলাকাৰ ফিল্ম ফেষ্টিভেলত বঁটা লাভ, কৰ্ণাটক ফিল্ম ফেষ্টিভেলত গোল্ডেন ক্ৰাউন, ISO Excellence Performance বঁটা লাভ কৰিছে ৷ তদুপৰি Reets Film Festivalত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে ৷

উল্লেখ্য যে চিনেমাখনৰ পৰিচালক বিজু দাসে মুম্বাইৰ পৰা চিনেমা নিৰ্মাণ সম্পৰ্কীয় ডিপ্লোমা লোৱাৰ পিছত “ বাহুৱলী” কে আদি কৰি ভালেকেইখন বিগ বাজেটৰ চিনেমাত কাম কৰিছিল ৷

Input – Hassinur Alom and Ganesh Ch Saha

আৰু পঢ়ক : কাৰ্যালয়ত সহকৰ্মীক চুম্বন স্বাস্থ্যমন্ত্ৰীৰ, ছচিয়েল মিডিয়াত ভাইৰেল চিচি টিভি ফুটেজ , অৱশেষত বাধ্য হৈ পদত্যাগ