22 C
Guwahati
Wednesday, January 19, 2022
More

    বিদায় ২০২১ বৰ্ষ- ২০২১ বৰ্ষত পৃথিৱীৰ পৰা বিদায় লোৱা সেই সকল বিশেষ ব্যক্তি…

    বিদায় ২০২১ বৰ্ষ- ২০২১ বৰ্ষত পৃথিৱীৰ পৰা বিদায় লোৱা সেই সকল বিশেষ ব্যক্তি…

    একাজল অশ্ৰুঅঞ্জলি সেই সকল বিশেষ ব্যক্তিলৈ যিয়ে ২০২১ বৰ্ষত এই পৃথিৱীৰ পৰা বিদায় মাগে। যাৰ অনুপস্থিতিয়ে বহু জনৰ হৃদয় সেমেকাই তোলে।

    সত্য পাওল (Satya Paul), বিখ্যাত ডিজাইনাৰ। ভাৰতীয় শাৰীক এক উচ্চ শিখৰলৈ লৈ যোৱা বিখ্যাত ডিজাইনাৰ গৰাকীয়ে ৬ জানুৱাৰী তাৰিখে ইহ সংসাৰ এৰিছিল। তেখেতৰ নামেৰে এক কাপোৰৰ লেবেলো আছে। যি দেশৰ লগতে বিশ্বজুৰি জলপ্ৰিয়।

    বছৰটোৰ আৰম্ভণিতে দেশবাসীয়ে হেৰুৱাই কিংবদন্তি শাস্ত্ৰীয় সংগীতজ্ঞ পদ্মবিভূষণ ওস্তাদ গোলাম মুস্তাফা খান। যিয়ে দেশৰ শাস্ত্ৰয়ী সংগীতৰ জগতখন চহকী কৰিছিল। ১৭ জানুৱাৰী ২০২১ বৰ্ষত বিদায় মাগিছিল সংগীতৰ ওস্তাদ গৰাকীয়ে।

    ৰাজীৱ কাপুৰ- ভাৰতীয় চিনেমা জগতৰ সুদৰ্শন এইগৰাকী অভিনেতাই ২০২১ বৰ্ষৰ ৬ ফেব্ৰুৱাৰী তাৰিখে হৃদক্ৰিয়া বন্ধ হৈ এই পৃথিৱীৰ পৰা বিদায় মাগে।

    প্রখ্যাত শিল্পী তথা পদ্মভূষণ পুৰস্কাৰপ্রাপ্ত লক্ষ্মণ পাই ১৪ মার্চ, ২০২১ ত মৃত্যুবৰণ কৰে।

    প্ৰবীণ অভিনেত্ৰী শশীকলাি মৃত্যু ৪ এপ্ৰিল তাৰিখে।

    ২০২১ ৰ ২৩ এপ্ৰিল তাৰিখে অভিনেতা অমিত মিস্ত্ৰীয়ে বিদায় মাগে।

    প্ৰসিদ্ধ সাংবাদিক ৰোহিত সাৰদানা কৰণাত আক্ৰান্ত হৈ ২০২১ৰ ৩০ এপ্ৰিল তাৰিখে মৃত্যু বৰণ কৰে।

    পদ্মশ্ৰী সন্মানেৰে সন্মানিত বৈজ্ঞানিক শ্ৰীকুমাৰ বেনাৰ্জীৰ মৃত্যু ৩০ এপ্ৰিল তাৰিখে।

    পৰিৱেশ সুৰক্ষাৰ বাবেই যেন জন্মগ্ৰহণ কৰিছিল তেখেতে। নাম আছিল সুন্দৰলাল বহুগুণা। ২১ মে’ তাৰিখে ইহলীলা সম্বৰণ কৰিছিল।

    ১৮ জুন, ভাৰতীয় ক্ৰিয়া প্ৰেমীৰ বাবে অতিকে দুখবৰটো আহে। কৰণাত আক্ৰান্ত হৈ মিলখা সিঙৰ নিধন।

    ৭ জুলাই, চিনেমা প্ৰিয় ভাৰতীয় সকলৰ বাবে দুখবৰ হৈ আহে দিলীপ কুমাৰৰ নিধনৰ বাৰ্তা।

    বিশ্বক বিভিন্ন ফটোৰে বিভিন্ন সময়ৰ খবৰ দিওতা, ১৪ জুলাইৰ দিনা খবৰ সংগ্ৰহৰ সময়তে নিজেই খবৰ হৈ পৰে। যুদ্ধৰ ফটো সংগ্ৰহ কৰিবলৈ গৈ মৃত্যু মুখত পৰে ফটো সাংবাদিক ডানিছ ছিদ্দিকী ।

    ১৬ জুলাইত দেশবাসীৰ বাবে আছিল আন এটা দুখৰ দিন। প্ৰবীণ অভিনেত্ৰী সুৰেখা চিক্ৰীয়ে বিদায় লৈছিল চিৰ দিনৰ বাবে।

    দেশৰ ধাৰাবাহিক প্ৰেমী সকলৰ বাবে ২ ছেপ্টেম্বৰ তাৰিখ দুখবৰ হৈ আহে সুঠাম সুশ্ৰী জনপ্ৰিয় টেলিভিছন তাৰকা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ সংবাদ।

    ২৯ অক্টোবৰ, কানাড়া ছবিজগতৰ চুপাৰষ্টাৰ পুনীথ ৰাজকুমাৰৰ আচম্বিত মৃত্যুৰ বাতৰি।

    ৮ ডিচেম্বৰত আহে দেশৰ সবাতোকৈ দুঃসংবাদটো। দেশৰ প্ৰথমগৰাকী চিডিএছ বিপিন ৰাৱাটৰ পত্নী সহিতে আকাশমাৰ্গতে হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু।

    আৰু পঢ়ক : ধন দাবী কৰি ৰঙাঘৰৰ আলহী ৩ জনকৈ ভুৱা আলফা(স্বা) সদস্য
    
    

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং