29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিজ ঘৰতে জাতীয় পতাকা উৰুৱাই ৰাখি বিপদত বিলাসীপাৰাৰ এজন লোক,পালেগৈ আৰক্ষী চকী

    ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলনৰ সম্যক জ্ঞান নথকাৰ বাবে আজিও লোকজনে এইদৰে পতাকাখন উত্তোলন কৰি ৰাখিছে বুলি একাংশৰ মন্তব্য

    ২৬ জানুৱাৰীত সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বিলাসীপাৰা মহকুমাতো উদযাপন কৰা হৈছিল ৭১ সংখ্যক গণৰাজ্য দিৱস। কিন্তু মহকুমাটোৰ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ফকিৰানিৰঝাৰ ১ম খণ্ড গাঁৱৰ জাহানুৰ ইছলাম নামৰ লোকজনৰ ঘৰত গণৰাজ্য দিৱসৰ দিনা উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকাখন ২ ফেব্ৰুৱাৰীলৈকে উৰি থাকিল। পিছত এই বিষয়ে জানিব পাৰি নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটা উপস্থিত হৈ সন্মান সহকাৰে পতাকাখন নমাই আনে।

    প্ৰকৃততে ৰাষ্ট্ৰীয় পতাকাখনৰ উত্তোলনৰ সম্যক জ্ঞান নথকাৰ বাবে আজিও লোকজনে এইদৰে পতাকাখন উত্তোলন কৰি ৰাখিছে বুলি একাংশই মন্তব্য কৰিছে।ইফালে ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ অপৰাধত আৰক্ষী চকীত জাহানুৰ ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি বিষয়াজনে জনায়।

    Photo Credit: The Week

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং