হজৰত মহম্মদ বিতৰ্কত কিয় মাত মতা নাই শ্বাহৰুখ, ছলমান আৰু আমীৰ খানে? ক’লে নাছিৰুদ্দিন শ্বাহে

0
25803

ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাই কৰা আপত্তিজনক মন্তব্যক লৈ চলি থকা বিতৰ্কত এইবাৰ মুখ খুলিছে বলিউড অভিনেতা নাছিৰুদ্দিন শ্বাহে।

তেওঁ এই বিষয়ত চলচ্চিত্ৰ জগতৰ বিশেষকৈ তিনিগৰাকী ছুপাৰষ্টাৰ খান (ছলমান, শ্বাহৰুখ আৰু আমিৰ)ৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হয়।

এটা হিন্দী চেনেলত দিয়া সাক্ষাতকাৰত শ্বাহে কয়, ‘মই তেওঁলোকৰ হৈ কথা ক’ব নোৱাৰো। তেওঁলোক যি ঠাইত আছে তাত মই নাই। মই ভাবো তেওঁলোকে এনে অৱস্থাত আছে য’ত তেওঁলোকে বহুত হেৰুৱাব পাৰে’।

নাছিৰুদ্দিনে লগতে শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খানৰ ড্ৰাগছ গোচৰৰ উদাহৰণ দাঙি ধৰি কয়, ‘শ্বাহৰুখৰ সৈতে যি হৈছিল আৰু যিদৰে তেওঁ ইয়াৰ সৈতে মোকাবিলা কৰিলে সেয়া প্ৰশংসনীয়। সেয়া হাৰাশাস্তিৰ বাহিৰে আন একো নাছিল। তেওঁ নিমাত আছিল’।

শ্বাহে লগতে শ্বাহৰুখ সন্দৰ্ভত কয়, ‘তেওঁ কেৱল তৃণমূলক সমৰ্থন কৰিছিল আৰু মমতা বেনাৰ্জীক প্ৰশংসা কৰিছিল। চনু ছুদৰ ঘৰতো অভিযান চলোৱা হৈছিল। যিয়েই মাত মাতে, তেওঁ তাৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব। হয়তো মই পৰৱৰ্তী লক্ষ্য হৈ পৰিম’।

কোনো চৰকাৰ তথা দল-সংগঠনৰ নাম নোলোৱাকৈয়ে বৰ্তমান সময়ত চলি থকা বিতৰ্ক আৰু উগ্ৰ প্ৰতিবাদ সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰে জ্যেষ্ঠ অভিনেতা নাছিৰুদ্দিন শ্বাহে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে এঠা টিভি চেনেলত বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাই হজৰত মহম্মদক লৈ এক বিতৰ্কিত মন্তব্য কৰিছিল, যাক লৈ মধ্যপ্ৰাচ্যৰ বহু দেশে আপত্তি কৰিছিল। ইয়াৰ পিছত বিজেপিয়ে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰে।