22 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নাছাৰ ‘মাৰ্চ ২০২০’ উৎক্ষেপণ, মঙল গ্ৰহলৈ যাত্ৰা কৰা সকলোতকৈ ডাঙৰ যান

    আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই বৃহস্পতিবাৰে মাৰ্চ ২০২০ উৎক্ষেপণ কৰে। এইবাৰৰ ৰোবৰটো হৈছে বৰ্তমানলৈকে প্ৰেৰণ কৰা ৰোবৰ বোৰৰ ভিতৰত সকলোতকৈ বৃহৎ।

    প্ৰায় ৩০ কোটি মাইল দূৰত্ব অতিক্ৰম কৰি সাতটা মাহৰ পিছত অহা বছৰৰ ফেব্ৰুৱাৰী মাহত মঙল গ্ৰহৰ পৃষ্ঠত অৱতৰণ কৰিব এই বৃহৎ ৰোবৰ।

    এই ৰোবৰটোত সংযোগ কৰা আছে ২৫ টা কেমেৰা, মাইক, ড্ৰিল আৰু লেজাৰ লাইট।

    এই ৰোবৰ টোৱ্ মঙল গ্ৰহৰ পৃষ্ঠৰ পৰা পাথৰ আৰু মাটি পৃথিৱীলৈ কঢ়িয়াই আনিব। যাৰ ওপৰত বৈজ্ঞানিকে জীৱন থকাৰ কোনো সাক্ষ্য প্ৰমাণ বিচাৰিব।

    উল্লেখ্য যে নাছাৰ এই অভিযান চলিত বৰ্ষৰ বিশ্বৰ তৃতীয়টো অভিযান। ইয়াৰ পূৰ্বে চীন আৰু ইউ এ ইয়েও মঙল গ্ৰহলৈ মহাকাশ যান প্ৰেৰণ কৰিছে।

    অৱশ্যে তিনিওখন যান অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহতহে মঙল গ্ৰহ পোৱাৰ সম্ভাৱনা আছে।

    নাছাই প্ৰেৰণ কৰা ৰোবৰ খনে ৰঙা গ্ৰহ মঙলৰ পৃষ্ঠত ওপৰৰ পৰা নহয় অলপ গাঁত খান্দি তলৰ পৰাহে মাটি সংগ্ৰহ কৰিব। ২০৩১ চনলৈ এই সংগ্ৰহ কৰা নমুনা সমূহ লৈ যান খন উভটি অহাৰ সম্ভাৱনা।

    নাছাই ৰোবৰ খনৰ লগত এখন সৰু হেলিকপ্টাৰো প্ৰেৰণ কৰিছে। যিয়ে মঙলৰ পৃষ্ঠত অৱতৰণ কৰাৰ বাবে চেষ্টা চলাব।

    Photo Credit: Nasa.gov

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং