শীতকালীন অধিবেশনৰ পূৰ্বে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত অনুপস্থিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

0
392
শীতকালীন অধিবেশনৰ পূৰ্বে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত অনুপস্থিত প্ৰধান মন্ত্ৰী
ফাইল ফটো

শীতকালীন অধিবেশনৰ পূৰ্বে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত অনুপস্থিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কেন্দ্ৰ চৰকাৰে আহ্বান জনোৱা সৰ্বদলীয় বৈঠকত অনুপস্থিত থাকে।

সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে এই সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হৈছিল।

দেওবাৰে অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত চৰকাৰৰ তৰফৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বাণিজ্য মন্ত্ৰী পিযুষ গোৱেল উপস্থিত থাকে।

এই সৰ্বদলীয় বৈঠকত মুঠ ৩১ টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে।

৩১ টা ৰাজনৈতিক দলৰ ৪২ গৰাকী নেতাই এই সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰি বিভিন্ন বিষয় আলোচনা কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সৰ্বদলীয় বৈঠকত অনুপস্থিত থকাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে।

“প্ৰধান মন্ত্ৰীয়ে এই বৈঠকত উপস্থিত থাকিব বুলি আমি আশা কৰি আহিছিলো। আমি এই বৈঠকত কৃষি আইনৰ ওপৰতো আলোচনা কৰিম বুলি ভাবিছিলো। কৃষি আইন বাতিল কৰাৰ পাছত এনেধৰণৰ অন্য কিবা আইন আহিবনে নাহে সেই সম্পৰ্কে কিছু প্ৰশ্ন আছিল আমাৰ মনত,” মল্লিকাৰ্জুন খৰ্গে কয়।

আৰু পঢ়ক : চৰকাৰে উচ্ছেদ কৰা মাটি দখল কৰি মিঞা সকলোক পুনৰ সংস্থাপন দিয়াৰ হুংকাৰ অসম মিঞা পৰিষদৰ