31 C
Guwahati
Monday, September 20, 2021
More

    নতুন শিক্ষা নীতিয়ে দেশৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব,ই সকলোকে মুক্ত কৰে: মোদী

     প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ”নতুন শিক্ষা নীতিয়ে দেশৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব”।

    ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ১ বছৰ সম্পূৰ্ণ হোৱাৰ দিনা মোদীয়ে কয় যে ”বিগত এটা বৰ্ষত শিক্ষক,নীতিকাৰ আদিয়ে এই শিক্ষানীতিৰ ক্ষেত্ৰত যথেষ্ঠ কাম কৰিছে। এই মহত্বপূৰ্ণ সময় তেতিয়া আহিছে যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱ পালন কৰিছে”।

    নতুন শিক্ষা নীতিয়ে সকলোকে বিশ্বাস দিয়ে যে দেশ এতিয়া সম্পূৰ্ণৰূপে তেওঁলোকৰ লগত আছে, তেওঁলোকৰ কৰ্মনিষ্ঠাৰ লগত আছে।  ইয়াৰ মাজতে ৰাষ্ট্ৰীয় শিক্ষা নীতি ১ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে সকলোকে শুভকামনা জনাই মোদীয়ে।

    ”আজিৰ ছাত্ৰ-ছাত্ৰীয়ে কি শিক্ষা লাভ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব দেশ ভৱিষ্যতে কিমান আগলৈ যাব। যুৱপ্ৰজন্মই নিজৰ মতে ভৱিষ্যত গঢ় দিব বিচাৰে,সেইবাবে তেওঁলোকে সকলো বান্ধোনৰ পৰা মুক্তি বিচাৰে।ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সকলোকে বিভিন্ন দিশৰ পৰা শক্তিশালী, মুক্ত কৰে”।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং