
অসমৰ মোহ এৰিব পৰা নাই ভি আই পি, ভি ভি আই পিয়ে। আজি পুনৰ তৃতীয় পৰ্যাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে কোকৰাঝাৰত উপস্থিত হয় প্ৰধাানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
গ্ৰীণ ফিল্ডত উপস্থিত হৈ বিশাল জনসভাত অংশগ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে।
৩০ নং কোকৰাঝাৰ পূৱ সমষ্টিৰ ইউপিপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰী , ২৯ নং কোকৰাঝাৰ পশ্চিম সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্ম , ২৮ নং গোসাঁইগাঁও সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীৰ হৈ মোদীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে।
মোদীৰ লগত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া , বিটিচিৰ পাৰিষদসকল , ইউপিপিএলৰ প্ৰাৰ্থীসকল উপস্থিত থাকে ।
আৰু পঢ়ক : নিৰ্বাচনৰ মাজতে ৰঙিয়াৰ গুৰকুচিত দুষ্কৃতিকাৰীয়ে উৰুৱালে পাকিস্তানী পতাকা