27 C
Guwahati
Friday, April 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    উৎকোচ লৈ হাতে লোতে ধৰা পৰা ACS বিষয়া নন্দিতা কোঁৱৰক ৪ বছৰৰ কাৰাদণ্ড

    ২০১৫ চনৰ এটা উৎকোচ লোৱাৰ গোচৰত দোষী সাৱ্যস্ত কৰি এচিএছ বিষয়া নন্দিতা কোঁৱৰক শাস্তি প্ৰদান গুৱাহাটী বিশেষ আদালতৰ। আজি ৮ এপ্ৰিল ২০২১ তাৰিখে উৎকোচৰ গোচৰত দোষী সাৱ্যস্ত কৰি শাস্তি প্ৰদান কৰা হয় বিষয়াগৰাকীক।

    বিষয়া গৰাকীক দুটা কৈ ধাৰাত শাস্তি প্ৰদান কৰা হৈছে। এটা ধাৰাত ৪ বছৰৰ কাৰাদণ্ড লগতে ২০ হাজাৰ টকা জৰিমনা বিহা হৈছে। আন এটা ধাৰাত ৩ বছৰৰ কাৰাদণ্ডৰ লগতে ১২ হাজাৰ টকাৰ জৰিমনা দিয়া হৈছে নন্দিতা কোঁৱৰক৷

    উল্লেখ্য যে, ২০১৫ চনত এগৰাকী ঠিকাদাৰৰ পৰা ২০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে অসম আৰক্ষীৰ তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে-লোতে আটক কৰিছিল বিষয়াগৰাকীক।

    গ্ৰেপ্তাৰৰ সময়ত DRDA ৰ প্ৰকল্প সঞ্চালক আছিল নন্দিতা কোঁৱৰ। বৰ্তমান নন্দিতা কোঁৱৰ চৰকাৰী চপাশালত উপ-সঞ্চালক হিচাপে কৰ্মৰত হৈ আছিল।

    Photo Credit: India.com

    আৰু পঢ়ক : কামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা! বাইক আৰু চাইকেলৰ মুখামুখি সংঘৰ্ষ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং