
সন্তান জন্মৰ সময়ত সকলো ঠিকে থকা অধ্যাকপিকাৰ পিছদিনা আকস্মিক মৃত্যু, হাস্পতালত উত্তপ্ত পৰিস্থিত। আৰক্ষীয়ে আহি নিয়ন্ত্ৰণ কৰিব লগা হয় পৰিস্থিতি।
নলবাৰীত সংঘটিত হৈছে এই ঘটনা। নলবাৰীৰ শুশ্ৰুষা হাস্পতালত এগৰাকী প্ৰসুতি মহিলাৰ আকস্মিক মৃত্যুক লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ ৰুমী কাকতিৰ আকস্মিক মৃত্যুক লৈ কালি নিশা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় শুশ্ৰুষা হাস্পতালত ।
উল্লেখ্য যে, প্ৰসুতিজনিত কাৰণত সহকাৰী অধ্যাপিকা গৰাকীক তিনিদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয় খনত।
মহিলা গৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে ২৫ আগষ্টৰ পুৱাৰ ভাগত সুকলমে এটি পুত্ৰ সন্তান জন্ম হয় মহিলাগৰাকীৰ। তেতিয়ালৈ সকলো ঠিকেই আছিল।
২৫ আগষ্টৰ দিনটোত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সকলো ঠিকে থাকে আছিল যদিও কালি ২৬ আগষ্টত মহিলা গৰাকীৰ ব্লাড প্ৰেছাৰ বৃদ্ধি পোৱাত তেওঁক আই চি ইউত ভৰ্তি কৰাই চিকিৎসকে ।
কিন্তু সন্ধিয়াৰ ভাগত হঠাতে চিকিৎসালয় কতৃপক্ষই মহিলা গৰাকীৰ মৃত্যু হোৱাৰ খবৰ পৰিয়ালক জনোৱাত হাহাকাৰ লাগে পৰিয়ালৰ লোক সকলৰ মাজত।
পৰিয়াল আত্মীয় লোকসকলে হাস্পতাল খনত এক উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি কৰাত আৰক্ষী মোতায়েন কৰিব লগা হয় পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনিবলৈ।
আনহাতে এদিনিয়া শিশুটি এৰি মাতৃ গৰাকীৰ মৃত্যু হোৱাত এক শোকাকুল পৰিৱেশে আৱৰি ধৰিছে পৰিয়ালৰ লোকৰ লগতে হাস্পতাল আৰু অঞ্চলটোৰ লোকৰ মাজত।
Input and Photo – Hirak Deka