
নলবাৰী চামতাত দুৰ্বৃত্তৰ তাণ্ডৱ । নিশা দুৰ্বৃত্তই জ্বলাই দিলে TATA TIAGO গাড়ী । চামতাৰ বৈশ্য চুবুৰীৰ ধনমুন বৈশ্যৰ ঘৰত সংঘটিত হয় এই ঘটনা । এমাহ পূৰ্বে একেটা পৰিয়ালৰ জ্বলাই দিছিল টেম্প গাড়ীসহ এটি ঘৰ । অঞ্চলটোত প্ৰায়ে সংঘটিত হৈ আছে গাড়ী, দোকান,পুঁজি, ঘৰ জ্বলোৱা দুষ্কাৰ্য ।
পৰিয়ালটোৰ দুয়োখন গাড়ী জ্বলাই দিয়াৰ পিছত উপাৰ্জনৰ পথ বন্ধ হোৱাত পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা । প্ৰায় এমাহ পূৰ্বে সন্দেহজনক ব্যক্তিৰ নাম উল্লেখ কৰি বেলশৰ আৰক্ষী থানাত এজাহাৰ দিয়াৰ পিছতো আৰক্ষীৰ নীৰৱ ভূমিকাৰ অভিযোগ কৰে ৰাইজে । সঘনাই অঞ্চলটোত এনে ঘটনা সংঘটিত হোৱাত ৰাইজ নিৰাপত্তাহীনতাত ভূগিছে।
Photo Credit:@hirakdeka