
চৌদিশে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল প্ৰতিবাদ। তাৰ মাজতে নলবাৰীৰ এজন যুৱকৰ CABৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
নাটকীয় ৰূপত কৰা যুৱকজনৰ প্ৰতিবাদৰ দৃশ্য ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। যুৱকজনৰ নাম হীৰক কলিতা। ঘৰ বৰভাগৰ কালাগত। হাতত তাল লৈ গাত বোকা সানি লৈ পথাৰত চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে নাটকীয় ভংগিমাৰে কৰিলে প্ৰতিবাদ। CABৰ বিৰুদ্ধে হীৰক কলিতাৰ ব্যতিক্ৰমী প্ৰতিবাদক অনেক লোকেই শলাগ লৈছে।