“এগ কাৰীয়ে” হ’ল কালঃনৈশ ভোজনৰ বাবে এগ কাৰী নবনোৱাৰ বাবে ৰ’ডেৰে বন্ধুক হত্যা

আপোনাৰ বন্ধুও কণীৰ আঞ্জা খাই ভাল পাই নেকি?তেনেহ'লে সাৱধান!কণীৰ আঞ্জাৰ বাবেই বন্ধুৱে কাঢ়িলে বন্ধুৰ প্ৰাণ।

0
1436

কণীৰ আঞ্জাই মাতিলে কাল। আপোনাৰ বন্ধুও কণীৰ আঞ্জা খাই ভাল পাই নেকি?তেনেহ’লে সাৱধান!

কণীৰ আঞ্জাৰ বাবেই বন্ধুৱে কাঢ়িলে বন্ধুৰ প্ৰাণ। নাগপুৰৰ মানকাপুৰ অঞ্চলত নৈশ ভোজনৰ বাবে কণীৰ আঞ্জা নবনোৱাৰ বাবেই গৌৰৱ গাইক’ৱাড নমাৰ ব্যক্তিগৰাকীয়ে বানাৰসী নামৰ বন্ধুগৰাকীৰ মূৰত ৰ’ডেৰে প্ৰহাৰ কৰি হত্যা কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বানাৰসীয়ে গাইক’ৱাড নামৰ বন্ধুজনক নৈশ ভোজনৰ বাবে নিমন্ত্ৰণ কৰিছিল। দুয়োগৰাকীয়ে মাজনিশালৈ সুৰাপান কৰাৰ পাছত দুয়োজনৰ মাজত কণীৰ আঞ্জা নবনোৱাক লৈ বাক বিতণ্ডাৰ সৃষ্টি হয়। ইয়াৰ পাছতে গৌৰৱে বাৰানসীক ৰ’ডেৰে প্ৰহাৰ কৰি নিজ গৃহৰ গেৰেজৰ সমীপত পেলাই থয়।