26 C
Guwahati
Thursday, September 16, 2021
More

    পৰমাণু বোমা নিক্ষেপৰ বাবে নাগাচাকিৰ নামেই নাছিল তালিকাত, সেয়া আছিল ‘কৌকুৰা’ৰ সৌভাগ্য আৰু ‘নাগাচাকি’ৰ দুৰ্ভাগ্য….

    পৰমাণু বোমা নিক্ষেপৰ বাবে নাগাচাকিৰ নামেই নাছিল তালিকাত, সেয়া আছিল ‘কৌকুৰা’ৰ সৌভাগ্য আৰু ‘নাগাচাকি’ৰ দুৰ্ভাগ্য….

    ১৯৪৫ চনৰ ৯ আগষ্ট, সকলো লোকেই নিজৰ নিজৰ কৰ্মত ব্যস্ত আছিল। পিছে মূহুৰ্ততে অগনন লোকৰ প্ৰাণ নিমিষতে হেৰাই যায়। দ্বিতীয় বিশ্ব যুদ্ধৰ বিভিষিকাৰ ফল হিচাপে আমেৰিকাই জাপানৰ ওপৰত পৰমাণুৰে আক্ৰমণ কৰাৰ আজি ৭৬ বছৰ অতিক্ৰম কৰিলে।

    পিছে আমেৰিকা সেনাৰ পৰমাণু নিক্ষেপৰ বাবে নাগাচাকি লক্ষ্য নাছিলেই। মুল লক্ষ্য আছিল অন্য় এক ঠাইহে। নাম কৌকুৰা। যি কৌকুৰাৰ আজি কোনো নামেই নাই জাপানত। পিছে যদিহে সকলো ঠিকে থাকিল হয়, তেন্তে আজি হিৰোচিমাৰ সৈতে নাগাচাকিৰ সলনি কৌকুৰাৰ নাম লোৱা গল হয়।

    আমেৰিকাৰ সেনাই কৌকুৰাত সকলো তৈয়াৰী সম্পূৰ্ণ কৰি তুলিছিল। ১৯৪৫ৰ ৯ আগষ্টত কৌকুৰাত পৰমাণি বোমা নিক্ষেপৰ বাবে সকলো সাজু। পিছে সেইস্থানত কোনো অসুবিধাৰ বাবে বিকল্প হিচাপে নাগাচাকিক লক্ষ্য কৰে সেনাই।

    সেই পৰমাণু বোমা আক্ৰমণত অনুমান কৰা অনুসৰি হিৰোচিমাত ১ লাখ ৪০ হাজাৰ আনহাতে নাগাচাকিত প্ৰাণ হেৰুৱা লোকৰ আনুমানিক সংখ্যা ৭৪ হাজাৰ। পিছে কিয় শেষ মুহুৰ্তত সলনি হৈছিল কৌকুৰাৰ নাম, আৰু তালিকাত সন্নিবিষ্ট হৈছেল নাগাচাকি।

    ১৯৪৫ৰ জুলাই মাহৰ মাজ ভাগত পৰমাণু বোমা নিক্ষেপৰ বাবে ঠাইৰ এক তালিকা প্ৰস্তুত কৰিছিল। বহু কেইখন ঘন বসতিৰ লগতে,উদ্যোগ থকা আৰু জাপানী সেনাৰ ঘাটি থকা ঠাই সন্নিবিষ্ট হৈছিল তালিকাত।

    সেই তালিকাৰে হিৰোচিমাৰ পিছতে নাম আছিল কৌকুৰাৰ। কিয়নো কৌকুৰাত অস্ত্ৰ নিৰ্মাণৰ এক ডাঙৰ কাৰখানা আছিল। লগতে জাপানী সেনাৰ এক ডাঙৰ ঘাটিয়ো। যাৰ বাবেই কৌকুৰাক তালিকাত অন্য়তম হিচাপে ধৰা হৈছিল।

    কিন্তু ৯ আগষ্টিৰ দিনা কৌকুৰাত অতি মাত্ৰাত মেঘ আৰু ধোৱাই সমগ্ৰ অঞ্চল ঢাকি ৰাকিছিল। যাৰ বাবেই লক্ষ্য স্থিৰ কৰিব নোৱাৰি বিকল্প স্থান নাগাচাকি নিৰ্বাচন কৰিছিল।

    কোৱা হয় যে, সেই কৌকুৰাত থকা অস্ত্ৰ নিৰ্মাণ কাৰখানাই জানি বুজিয়ে বহুত কয়লা দাহন কৰি পৰিৱেশ ধোৱা ময় কৰি তুলিছিল। যি এক ৰক্ষা কৱচ হিচাপে ব্যৱহৃত। সেই ৰক্ষা কৱচেই উদ্ধাৰ কৰিছিল কৌকুৰাক, কিন্তু বিধ্বংস কৰিছিল নাগাচাকি।

    আৰু পঢ়ক : ১০ বছৰ ধৰি যুৱকক লোহাৰ শিকলিৰে বান্ধি থ’লে পৰিয়ালৰ লোকে, কাৰণ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং