28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ১৭ লাখ টকা ধাৰ্য কৰাৰ পিছটো সম্পূৰ্ণ নহ’ল মথাউৰি নিৰ্মাণৰ‌ কাম, চিন্তিত ৰঙ্গেশ্বৰী গাঁৱৰ ৰাইজ

    ১৭ লাখ টকা ধাৰ্য কৰাৰ পিছটো সম্পূৰ্ণ নহ’ল মথাউৰি নিৰ্মাণৰ‌ কাম, চিন্তিত ৰঙ্গেশ্বৰী গাঁৱৰ ৰাইজ

    বাৰিষাৰ সময় কাষ চাপি অহাৰ লগে লগে আতংকিত হৈ পৰিছে নগৰবেৰাৰ ৰঙ্গেশ্বৰী গাঁৱৰ ৰাইজ।কিয়নো আজিও সম্পুৰ্ণ নহ’ল গাঁওখনৰ মাজেৰে যোৱা ই এণ্ড ডি মথাউৰিটোৰ নিৰ্মানকাৰ্য।

    যোৱাটো বানে মথাউৰিটোৰ কেইবাঠাইত ছিঙি নিয়াৰ ফলত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাইজৰ মাজত।তাৰপাছতে মথাউৰিটো পুণৰ নিৰ্মানৰ বাবে SDRF আঁচনিৰ অধীনত প্ৰায় এক কৌটি ১৭ লাখ টকা ধাৰ্য্য কৰিছিল জলসম্পদ বিভাগে।আৰু যুটীয়া ভাৱে প্ৰায় পাঁচমাহ পূৰ্বে আঁচনিটোৰ আধাৰশিলা স্থাপন কৰিলে সাংসদ কুইন ওঝা আৰু স্থানীয় বিধায়িকা নন্দিতা দাসে।

    সেইমতেই প্ৰায় তিনিমাহ পূৰ্বে অৰ্থাৎ খৰালী দিনত আৰম্ভ কৰা হৈছিল নিৰ্মাণকাৰ্য্য। কিন্তু সামান্য পৰিমানৰ (৫%)কাম কৰিয়েই উধাও হয় কামৰ দায়িত্বত থকা ঠিকাদাৰ পৱণ বৰুৱা।যাৰ বাবে আজিও আধৰুৱা হৈয়ে থাকিল মথাউৰিটোৰ নিৰ্মানকাৰ্য।

    ফলত চিন্তিত হৈ পৰিছে মথাউৰিটোৰ ভিতৰফালে বসবাস কৰা লোকসকল।উল্লেখ্য যে, অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ জলসম্পদ বিভাগক আবেদন কৰিও নাপালে সুফল।বাৰিষাৰ পূৰ্বেই মথাউৰিটোৰ নিৰ্মানকাৰ্য সম্পুৰ্ণ নহলে পুনৰ এক অনাকাংক্ষিত পৰিৱেশৰ সন্মুখীন হব লাগিব ৰঙ্গেশ্বৰী গাঁৱৰ লোকসকল। সেয়ে বাৰিষাৰ পূৰ্বেই মথাউৰিটোৰ নিৰ্মানকাৰ্য সম্পুৰ্ণ কৰিবলৈ ৰাইজে দাবী জনালে ৰাজ্যৰ নৱ নিৰ্বাচিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাক।এতিয়া প্ৰশ্ন হয়, বাৰিষাৰ পূৰ্বে সম্পুৰ্ণ হবনে ৰঙ্গেশ্বৰী গাঁৱৰ মথাউৰি নিৰ্মাণ কাৰ্য্য?? নিৰ্মানকাৰ্যৰ দায়িত্বত থকা ঠিকাদাৰ পৱণ বৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে মন্ত্ৰী পিয়ুষ হাজৰিকাই?

    Photo and input: Zakir Hussain

    আৰু পঢ়ক : ২ দিনীয়া ভ্ৰমণ সূচী লৈ বৰাকত নতুন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং