24 C
Guwahati
Tuesday, September 27, 2022
More

    বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা ঘটনাৰ অভিযোগনামা দাখিল নগাঁও আৰক্ষীৰ

    ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা ঘটনা সন্দৰ্ভত আজি নগাঁও আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছে।

    নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই শনিবাৰে এক সংবাদমেলত এই কথা প্ৰকাশ কৰে।

    থানা জ্বলোৱাৰ অভিযুক্ত হিচাপে ২৩ জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে।

    আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে, ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১৩ জন এতিয়াও পলাতক অৱস্থাত আছে।

    আৰক্ষী অধীক্ষক দলেই কয়, ‘আমি ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আবেদন কৰিছো। ঘটনাটোৰ সৈতে জড়িত অভিযুক্তৰ জেহাদীৰে কিবা সম্পৰ্ক আছে নেকি সেই সন্দৰ্ভতো তদন্ত অব্যাহত আছে। গ্ৰেপ্তাৰ কৰা একাংশ লোকৰ বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ সৈতে সম্পৰ্ক আছে’।

    উল্লেখযোগ্য যে, বটদ্ৰৱা থানাত আৰক্ষীৰ জিম্মাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি যোৱা ২১ মে’ত একাংশ উত্তেজিত জনতাই থানাখনত অগ্নিকাণ্ড সংঘটিত কৰাৰ লগতে দুজন আৰক্ষী বিষয়াকো আক্ৰমণ কৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং