নগাঁও জিলাৰ সেই পাষণ্ড পিতৃ অৱশেষত ধৰা পৰিল আৰক্ষীৰ হাতত, নিজৰেই কন্যাক ধৰ্ষণ কৰিছিল পিতৃয়ে, মাতৃয়ে সদৰি কৰিলে তাতোকৈ ভয়ংকৰ তথ্য

0
336

নগাঁও জিলাৰ সেই পাষণ্ড পিতৃ অৱশেষত ধৰা পৰিল আৰক্ষীৰ হাতত, নিজৰেই কন্যাক ধৰ্ষণ কৰিছিল পিতৃয়ে, মাতৃয়ে সদৰি কৰিলে তাতোকৈ ভয়ংকৰ তথ্য।

নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত এজন পাষণ্ড পিতৃৰ হাততেই ধৰ্ষণৰ বলি হৈছিল কন্য়া। নিজৰেই ১১ বছৰীয়া কন্যাক এবাৰ নহয় কেইবাবাৰো ধৰ্ষণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল পাষণ্ড পিতৃয়ে।

পত্নীৰ লগতে ভুক্তভোগী কন্যাই আৰক্ষীৰ আগত গোচৰ দিয়াৰ পাছতে আৰক্ষীয়ে তীব্ৰতৰ কৰি তোলে তদন্ত । আৰক্ষীয়ে অৱশেষত তদন্ত কৰি ধৰা পেলাই পাষণ্ড ধৰ্ষণকাৰী পিতৃক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ১১ বছৰীয়া কন্যাক পূৰ্বেও ধৰ্ষণ কৰিছিল পিতৃয়ে। পত্নীয়ে সেই সন্দৰ্ভত গোচৰো তৰিছিল আৰক্ষীৰ ওচৰত। পত্নীৰ গোচৰৰ ভিত্তিত আটকো হৈছিল ধৰ্ষণকাৰী পিতৃ।

পাছে জামিন লাভ কৰি জেলৰ পৰা ওলাই আহি কেইদিনমান ভালে থাকি পুনৰ কন্য়াক কামনাৰ বলি সজাই ধৰ্ষণকাৰী পিতৃয়ে। এইবাৰৰ কথা জানিব পৰাৰ লগে লগে পুনৰ কনমানি কন্যাক লৈ আৰক্ষীৰ কাষ চাপে মাতৃ।

আৰক্ষীৰ ওচৰত গোচৰ দিয়া অনুসৰি, ঘৰতেই ধৰ্ষণকাণ্ড সংঘটিত কৰে পিতৃয়ে। ধৰ্ষণকাণ্ড সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। মঙলবাৰ ২৭ ছেপ্টেম্বৰ তাৰিখে গোচৰ ৰুজুৰ পাছতে কচুৱা আৰক্ষীয়ে সেই দিনটোতে তীব্ৰ তদন্ত চলাই আটক কৰে । আজি ২৯ ছেপ্টেম্বৰ তাৰিখে আদালত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ধৰ্ষণকাৰী পিতৃক।