
নাগালেণ্ড ঘটনা- সম্পূৰ্ণকৈ বাতিল উত্তৰ পূবৰ অন্যতম জনপ্ৰিয় জনজাতীয় ‘হৰ্ণবিল উৎসৱ’
নাগালেণ্ডৰ ১৪ গৰাকীকৈ নিৰিহ লোকে অসম ৰাইফলছৰ সেনাৰ গুলিত প্ৰাণ হেৰুৱাৰ পিছতে ম্লান হৈ পৰিছে নাগালেণ্ডৰ সকলো লোকৰ দেহ-মন। অন্যথা ডিনেম্বৰ বুলিলেই প্ৰাণ পাই উঠে সকলো নগা লোক।
বিখ্যাত তথা উত্তৰ পূবৰ অতিকে জনপ্ৰিয় হৰ্ণবিল ফেষ্টিভেলৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেসৰ পৰাও লোকে সমাগম কৰে নাগা ভুমিত। কিন্তু এতিয়া দুখৰ ক’লা ছায়াই আৱৰি আছে নাগালেণ্ড।
আজি ৭ ডিচেম্বৰ তাৰিখে ৰাজ্যখনৰ কেবিনেট বৈঠকত বিশেষ সিদ্ধান্ত। অতিকে জনপ্ৰিয় হৰ্ণবিল ফেষ্টিভেল এইবাৰ অনুষ্ঠিত নহয়। সেনাৰ গুলিত নিহত হোৱা ১৪গৰাকী সাধাৰণ লোকৰ নামত উৎসৰ্গিত হব এইবাৰৰ ফেষ্টিভেল।
উল্লেখ্য যে, ৪ ডিচেম্বৰৰ নিশা নাগালেণ্ডত অসম ৰাইফলছৰ কিছু ভুল তথ্যৰ বাবে ১৩ গাৰকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল। যি ঘটনাৰ পিছতে জ্বলি উঠিছিল নাগালেণ্ড।
পিছদিনা নগা লোকে প্ৰতিবাদেৰে হিংসাত্মক কৰি তোলে পৰিস্থিতি। সেইদিনাও সেনাই গুলি কৰাত এজন লোকে প্ৰাণ হেৰুৱাই।
আৰু পঢ়ক : নতুন নিৰ্দেশনা! ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰা লোকেহে ক্ৰয় কৰিব পাৰিব সুৰা…