”বিটিআৰ চুক্তি অবড়ো ৰাইজৰ ওপৰত জোৰকৈ জাপি দিয়া এক শাসন,এই চুক্তি অবড়ো ৰাইজে কেতিয়াও মানি নলয়”

0
931
‘যিকোনো দুটাৰ এটাত, নহ’লে গোটেইকেইটাত’, বিজেপি-ইউ পি পি এলক হুংকাৰ
ফাইল ফটো


২৫ চেপ্তেম্বৰত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বি টি এ ডিৰ নাম বি টি আৰ হ’ব বুলি ঘোষণা কৰে । এই ঘোষণাৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ বি টি এ ডি অঞ্চলত ।

ইয়াৰ ওপৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । শৰণীয়াই কয় যে, ”বিটিআৰ চুক্তি অবড়ো ৰাইজৰ ওপৰত জোৰকৈ জাপি দিয়া এক শাসন। এই চুক্তি অবড়ো ৰাইজে কেতিয়াও মানি নলয়। পূৰ্বেও লোৱা নাছিল এতিয়াও নলয়”।

বিটিআৰ চুক্তি কাৰ্যকৰীকৰণৰ পূৰ্বে অবড়ো ৰাইজৰ ভূমিৰ সমস্যা সমাধান কৰাৰ দাবী জনোৱা হৈছিল আৰু সেই দাবীৰ ভিত্তিত অসম চৰকাৰে অবড়ো সংগঠনৰ লগত আলোচনা কৰি সমস্যা সমাধানৰ আশ্বাস দিছিল কিন্তু অবড়ো ৰাইজৰ সমস্যা সমাধান নকৰাকৈ বিটিআৰ কাৰ্সকৰীকৰণ সহজভাৱে মানি লোৱা নহ’ব বুলিও কয় সাংসদ গৰাকীয়ে ।

আনফালে বিটিচি নিৰ্বাচনৰ ক্ষেত্ৰত অসম চৰকাৰৰ বক্তব্যৰ ক্ষেত্ৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ শৰণীয়াই। ক’ভিড অজুহাত দেখুৱাই চৰকাৰে বিটিচি নিৰ্বাচন পিছুৱাবলৈ চেষ্টা কৰাটো উচিত নহয় বুলি দোহাৰি অক্টোবৰৰ ভিতৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনায় সাংসদ গৰাকীয়ে ।

Photo credit : Time8