বিটিচি নিৰ্বাচন মানে হেজাৰ কোটি টকাৰ লেন দেন, ভোট কিনা বেচা -শৰনীয়া

0
125

শনিবাৰে বাক্সা জিলাৰ বৰমাত গণ সুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। এই সভাত গণ সুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থনত প্ৰাৰ্থীত্ব আগবঢ়োৱা ৩৫ টা পৰিষদীয় সমষ্টিৰ ৩৫ জন প্ৰাৰ্থী সভাত উপস্থিত থাকে।

এই সভাত উপস্থিত হৈ সাংসদ নৱ কুমাৰ শৰণীয়াই বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই । শৰণীয়াই কয় যে ”বিটিচিৰ নিৰ্বাচন মানে হেজাৰকোটি টকাৰ লেন দেন । ইয়াত ভোট কিনা বেচা হয়। নেতা কিনা বেচা হয়। যিসকলে নিজৰ অস্তিত্ব ধৰি ৰাখিব নোৱাৰে তেওঁলোক টকাৰ লোভত বিক্ৰী হয়। যিসকলে জাতি-মাটি ভেটিক ভাল পায় তেওঁলোকে সেই কামটো কৰিব নোৱাৰে। এতিয়াও গণ সুৰক্ষা পাৰ্টীৰ নেতা – কৰ্মীক বিপিএফ দলে টকাৰ লোভ দি আছে”।

সভাৰ অন্তত সাংসদ শৰণীয়াই জাতি মাটি ভেটিৰ কথা পাহৰি আন দলক ভোট দিয়া মানে নিজে আত্মহত্যা কৰাৰ নিচিনা হ’ব বুলি কয়। তেওঁৰ মতে বিপিএফ হৈছে শ্ল’ প’ইজনিং দল আৰু ইউ পি পি এল হৈছে ফাৰ্ষ্ট প’ইজনিং দল। দুয়োটা খালে মৃত্যু অনিবাৰ্য বুলি কয় সাংসদ গৰাকীয়ে ।

তদুপৰি পূৰ্বৰ অবড়ো নেতা ৰফিক আহমেদৰ নিচিনা দুই এজন সুবিধাবাদীৰ বাহিৰে মেৰুদণ্ড থকা ব্যক্তিয়ে তেনে কাম নকৰে বুলিও তেও কয়।

সাংসদ গৰাকীয়ে বিটিচিৰ বড়ো- অবড়ো ৰাজনীতিত বিজেপি দলকে ধৰি আন আন ৰাষ্ট্ৰীয় দলে গুৰুত্ব নাই কয় লগতে বিটিচিৰ ৰাজনীতিৰ পৰা দূৰত থাকিবলৈ অনুৰোধ জনায়। বিজেপিয়ে শাসনৰ নামত ৰাইজক ঠগাই আছে বুলি মন্তব্য কৰে। তেওঁ কয় যে ” বিজেপিয়ে আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিটিচিত যুঁজ – বাগৰ কৰাৰ দৰকাৰ নাই। কিয়নো ইয়াত পৰাজয় হলে বিজেপিয়ে লাজ পাব”। বিটিচিত যিকোনো প্ৰত্যাহ্বানৰ বাবে নৱ শৰণীয়া সাজু আছে বুলিও মত ব্যক্ত কৰে। আনহাতে   বিটিচি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টীয়ে ৩০ খন আসনত জয় লাভ কৰি অকলে চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ।

Photo credit : Time8