অস্কাৰত ‘নাটু-নাটু’য়ে ৰচিলে ইতিহাস ! ‘নাটু-নাটু’ লৈ শ্ৰেষ্ঠ মৌলিক গীতৰ সন্মান

0
275

অস্কাৰত ‘নাটু-নাটু’য়ে ৰচিলে ইতিহাস ! ‘নাটু-নাটু’ লৈ শ্ৰেষ্ঠ মৌলিক গীতৰ সন্মান

পৰিচালক ৰাজামৌলীৰ ছবি ‘আৰআৰআৰ’ গীত ‘নাটু-নাটু’য়ে অস্কাৰ বঁটা লাভ কৰিছে।লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত অনুষ্ঠিত ৯৫ সংখ্যক অস্কাৰত উজলিল পৰিচালক ৰাজামৌলীৰ ছবি ‘আৰআৰআৰ’ গীত। এই গীতটোৱে শ্ৰেষ্ঠ মৌলিক সংগীতৰ বঁটা লাভ কৰিছে।

পৰিচালক ৰাজামৌলীৰ ছবিখনে ভাৰতীয়ক পুনৰ গৌৰৱান্বিত কৰিছে। ‘নাটু-নাটু’ৰ এই বিজয় এক ঐতিহাসিক। কিয়নো ই হৈছে প্ৰথম ভাৰতীয় ফিচাৰ ছবি, যিয়ে মূল গীতৰ শ্ৰেণীত অস্কাৰ বঁটা লাভ কৰিছে। নাটু-নাটুৰ এই সফলতাৰ আঁৰত আছে এম এম কীৰাৱানী, যি মঞ্চত এই বঁটা গ্ৰহণ কৰিছিল।

৯৫ সংখ্যক একাডেমী বঁটাত ১৫ টা গানক পৰাস্ত কৰি ‘নাটু-নাটু’য়ে এই বঁটা লাভ কৰিছে। মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত স্থান লাভ কৰা বোলছবিখনৰ নাটু নাটু শীৰ্ষক গানটিয়ে ইয়াৰ পূৰ্বে লাভ কৰিবলৈ সক্ষম হৈছিল ৮০ তম গোল্ডেন গ্লোৱ, ২০২৩ বঁটাও ।

অস্কাৰ ল’বলৈ মঞ্চত উপস্থিত হৈ সুৰকাৰ কিৰৱানীয়ে কয়, “মই কাঠমিস্ত্ৰীৰ কথা শুনি ডাঙৰ হৈছো আৰু আজি মোৰ হাতত অস্কাৰ আছে।” ভাৰতবাসী হিচাপে মই আজি নাটু নাটুক লৈ গৌৰৱবোধ কৰিছো।

আনহাতে দ্যা এলিফেন্ট হুইছপাৰাৰ্ছ’ তথ্যচিত্ৰও অস্কাৰ বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান ‘দ্যা এলিফেন্ট হুইছপাৰাৰ্ছ’লৈ। দক্ষিণ ভাৰতৰ এক দম্পত্তীয়ে এটি মাতৃহাৰা হাতী পোৱালিক লালন পালনৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰাৰ সঁচা কাহিনীৰ আধাৰত নিৰ্মাণ হৈছে এই ‘দ্যা এলিফেন্ট হুইছপাৰাৰ্ছ’।