29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মেঘালয়ত আৱিষ্কাৰ নিশা জিলিকি উঠা মাশ্বৰুম, সবিশেষ জনাৰ লগতে চাঁও আহক ফটো

    উত্তৰ পূূব ভাৰতৰ পাহাৰীয়া ৰাজ্য তথা অসমৰো চুবুৰীয়া মেঘালয়ত সদ্যহতে আৱিষ্কাৰ হৈছে এক বিশেষ প্ৰজাতিৰ মাশ্বৰুম। যি মাশ্বৰুম অন্ধকাৰ নামিলেই নিশাৰ ভাগত জিলিকি উঠে।

    বৰ্তমানে ৰহস্যৰ মাজত সোমাই পৰিছে এই বিশেষ প্ৰজাতিৰ মাশ্বৰুম। ৬০০ ভিন্ন প্ৰজাতিৰ মাশ্বৰুম থকা পাহাৰীয়া ৰাজ্যখনত এই নতুন আৱিষ্কাৰে সকলোকে আচৰিত কৰি তুলিছে।

    এই সদ্য আৱিষ্কৃত নতুন প্ৰজাতিৰ মাশ্বৰুম বিধৰ নাম হৈছে Roridomyces phyllostachydis, বিশ্বৰ মুঠ ৯৭ টা প্ৰজাতিৰ ই এবিধ অন্যতম প্ৰজাতি। যি অতি আচৰিত ভাৱে মেঘালয়ৰ অৰণ্যত আৱিষ্কাৰ হৈছে।

    পূৱ খাচি পাহাৰ আৰু পশ্চিম জয়ন্তীয়া পাহাৰত উদ্ধাৰ হৈছে এই ৰহস্যৰে ভৰপুৰ আন্ধাৰত জিলিকি উঠা মাশ্বৰুম।

    অৱশ্যে দিনৰ পোহৰত ইয়াক সামান্য অৱস্থাতে দেখা পোৱা যায়।

    জানিব পৰা মতে, বতাহত অক্সিজেনৰ তাৰতম্য হলে মাশ্বৰুম বিধত কোনো ৰাসায়নিক প্ৰতিক্ৰিয়া ঘটে, আৰু তেতিয়াই মাশ্বৰুমৰ ভিতৰৰ পদাৰ্থবোৰে অক্সিজেনৰ ভাৰসাম্য অটুট ৰাখিবলৈ অতিৰিক্ত উৰ্জা বাহিৰ কৰে। সেই সময়তে তেনেদৰে ইয়াক জিলিকি উঠা দেখা যায়।

    Photo Credit: Google

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং