33 C
Guwahati
Monday, September 26, 2022
More

    ৰহস্যৰে ভৰা বিশেষ মূৰ্তি, আজি পৰ্যন্ত সঠিক গণনা কৰিব পৰা নাই, গণনাত প্ৰতিবাৰেই ওলাই বেলেগ তথ্য

    ৰহস্যৰে ভৰা বিশেষ মূৰ্তি, আজি পৰ্যন্ত সঠিক গণনা কৰিব পৰা নাই, গণনাত প্ৰতিবাৰেই ওলাই বেলেগ তথ্য। ঘন অৰণ্যৰ মাজত থকা সেই মূৰ্তিয়ো আজিৰ দিনতো আকৰ্ষণ কৰে পৰ্যটকক।

    বিজ্ঞানে আজি কিমান দূৰ আগবাঢ়িলে সেয়া সকলোৱে জানে। কিন্তু আজিৰ বিজ্ঞানেও ঢুকি নোপোৱা এক অৰণ্যৰ ভিতৰৰ কাহিনী।

    ঘন অৰণ্যৰ মাজত এটা অন্ধকাৰ ৰাস্তা। সেই ৰাস্তাৰ কাষে কাষে শাৰি শাৰি গছ লগতে, এটা শাৰীতে আছে বহু কেইটা একে দেখাত শিলৰ মূৰ্তি ।

    শিলৰ মূৰ্তি বোৰত কোট পিন্ধাৰ দৰে অৱয়ব। লগতে প্ৰত্যেকৰে মূৰত একোটা ৰঙা টুপী, ডিঙিত ৰঙা ৰঙৰে কাপোৰ এখনো ওলমি আছে। যিয়ো সেই মূৰ্তি বোৰ আৰু অধিক আকৰ্ষণীয় কৰি তোলে। এই অৰণ্য আৰু এই মূৰ্তিবোৰ আছে জাপানত।

    যাৰ বাবেই পৰ্যটকে গোটেই বছৰে ভিৰ কৰে জাপানলৈ সেই মূৰ্তিবোৰ চাবলৈ। কিন্তু সকলো পৰ্যতকেই আজি পৰ্যন্ত যিমান বাৰেই গণনা কৰিছে সেই মূৰ্তিৰ মুঠ সংখ্যা প্ৰতিবাৰেই ভিন ভিন পাইছে।

    এই মূৰ্তিবোৰ জাপানৰ নিক্কো-ছি চহৰৰ এক পাহাৰীয়া অঞ্চলত অৱস্থিত। জাপানত, ইয়াক জিজো বুলি কোৱা হয়।

    জাপানৰ দেৱতাসকলৰ মাজত জনপ্ৰিয়তাৰ শীৰ্ষত জিজো দেৱতা। সেই দেশত, ইয়াক বোধিসত্ত্বৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়। কোৱা হয় যে জিজো পৰ্যটকৰ লগতে শিশুৰ আত্মাৰ ৰক্ষক। সেয়ে ৰহস্য হলেও ইয়াত কোনেও ভয় নকৰে।

    নিক্কো-ছি চহৰৰ জিজোৰ মূৰ্তিবোৰক নাৰাবি জিজো বুলি জনা যায়। জাপানী ভাষাত, ইয়াৰ আক্ষৰিক অৰ্থ হৈছে ‘সৰ্ববন্ধা জিজো’।

    জাপানৰ এই সৰু চহৰখনৰ দয়াগাৱা নদীৰ ওচৰত জিজোৰ মূৰ্তিবোৰ ৩২০ ফুট দৈৰ্ঘ্যৰ দেৱালত বান্ধি থোৱা আছে। তেওঁলোকৰ চাৰিওফালে থকা অপৰিসীম ৰহস্যৰ বাবে, বহুলোকে ইয়াক বেক জিজো বুলি কয়।

    আৰম্ভণিতে, এই স্থানত জিজোৰ শ শ মূৰ্তি আছিল। কিন্তু ইতিহাসৰ পৃষ্ঠাবোৰ চালে দেখা যায় যে ১৯০২ চনৰ ভয়ংকৰ বানপানীয়েত জিজোৰ বহু মূৰ্তি নোহোৱা হৈ যায়। পানীত উটি যায় বহু মূৰ্তি।

    এই স্থান তথা মন্দিৰটো প্ৰায় ১২০০ বছৰ পুৰণি বুলি বিশ্বাস কৰা হয়। বুৰঞ্জীবিদসকলে দাবী কৰে যে ১৬৫৪ চনত কোকাই নামৰ এজন বৌদ্ধ সন্ন্যাসী জিউন-জীয়ে এই মন্দিৰটো স্থাপন কৰিছিল।

    জিজোৰ ডিঙিত ৰঙা কাপোৰ কিয় ওলমি থাকি, সেই সন্দৰ্ভতো ইয়াৰ বিষয়ে এটা লোককাহিনী আছে। মানুহে কয় যে জাপানত, আচুকা যুগত, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৫২২ ৰ পৰা ৬৪৫ চনৰ ভিতৰত, পানীৰ এক ৰোগ, যাক পানী বসন্ত বোলা হয়।

    সেই ৰোগত ভুগি থকা শিশুসকলক চিনাক্ত কৰিবলৈ ডিঙিত ৰঙা কাপোৰ লগাই দিয়া হৈছিল। ইয়াৰ উপৰিও, ৰঙা ৰঙক সুৰক্ষাৰ ৰং হিচাপেও গণ্য কৰা হয়। সেয়ে শিশুৰ ৰক্ষক হিচাপে, জিজোৰ মূৰত ৰঙা টুপী আৰু ডিঙিত ৰঙা কাপোৰ ওলমাি দিছিল কোনোৱে।

    এই সকলোবোৰৰ বিপৰীতে জাপান চৰকাৰে দাবী কৰিছে যে উত্তৰ টকিঅ’ৰ কানমাংগাফুচিত জিজোৰ মুঠ ৭৪ টা মূৰ্তি আছে।

    অৱশ্যে, যদি ইয়াক গণনা কৰা হয়, তেন্তে প্ৰতিবাৰেই নতুন সংখযা এটা পোৱা যায়। এনে কিয় হয়, সেয় ৰহস্যৰ আজি পৰ্যন্ত সমাধান হোৱা নাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং